ইছলামাবাদঃ নাৰীসকলৰ ভুলৰ বাবেই বিশ্বত কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সমুখতে এই মন্তব্য আগবঢ়াইছে দেশখনৰ এগৰাকী বিখ্যাত মৌলবীয়ে। প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাগ লোৱা এটি টিভি চেনেলৰ লাইভ অনুষ্ঠানৰ মাজতে মৌলানা তাৰিক জমিলে স্পষ্টকৈ কয় যে পৃথিৱীত কৰ’না ভাইৰাছে সংহাৰ ৰূপ ধাৰণ কৰাৰ মূলতেই হৈছে নাৰীসকলৰ কু-কৰ্ম।

যোৱা বৃহস্পতিবাৰে আয়োজিত এক ফাণ্ডৰেইজিং অনুষ্ঠানৰ টিভি চেনেলসমূহত লাইভ চলি থকাৰ সময়তে মৌলানাগৰাকীয়ে কৰা এই মন্তব্যক লৈ এতিয়া সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। বিশেষকৈ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমুখতে কেনেদৰে তেওঁ এনেধৰণৰ আপত্তিজনক কথা ক’ব পাৰিলে সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে ভিন্নজনে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কোৱা অৱস্থাত বাধা প্ৰদান নকৰাক লৈয়ো বহুতে সমালোচনা কৰা দেখা গৈছে। 

নাৰীসকলক জগৰীয়া কৰাৰ লগতে সংবাদ মাধ্যমেও কৰ’না ভাইৰাছক লৈ একাধিক ভুৱা খবৰ বিয়পাই আহিছে বুলিও অনুষ্ঠানটোত দাবী কৰে মৌলানাগৰাকীয়ে। অৱশ্যে এই মন্তব্যৰ বাবে তেওঁ পিছত সংবাদ মাধ্যমৰ সমুখত ক্ষমা বিচাৰে যদিও এই পৰ্যন্ত মহিলাসকলক লৈ কৰা মন্তব্য সন্দৰ্ভত কোনোধৰণৰ অনুশোচনা ব্যক্ত কৰা নাই।


► আজিৰ বিশেষ প্ৰতিবেদন পঢ়িবলৈ ফটোখনত ক্লিক কৰক...


বিষয়টো সন্দৰ্ভত ইতিমধ্যে পাকিস্তানৰ মানৱ অধিকাৰ আয়োগে মৌলানাগৰাকীৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত অভিযোগ দাখিল কৰিছে। 'আয়োগে এনে মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা জনাইছে। এনে মন্তব্য আমি কোনো কাৰণতে মানি নলও। টিভিৰ জৰিয়তে অনুষ্ঠানটো লক্ষ লক্ষ লোকে চাই আছিল, গতিকে ইয়াৰ পৰা সমাজত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।’-মৌলানাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এইদৰে টুইট কৰিছে দেশখনৰ মানৱ অধিকাৰ সংস্থাটোৱে।

পাকিস্তানৰ আগশাৰীৰ সংবাদ পত্ৰ 'ডন’তো এই সন্দৰ্ভত এটি সম্পাদকীয় প্ৰকাশ পাইছে। সম্পাদকীয়টোত কাকতখনে টিভিৰ লাইভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সমুখতে নাৰীসকলক অপমান কৰা কাৰ্যক দুৰ্ভাগ্যজনক আৰু দেশখনৰ বাবেই লজ্জাজনক আখ্যা দিছে। 'মৌলানাগৰাকীয়ে এনে ভাষণ দিওতে এজনো বাধা দিয়া লোক নোলাল। এয়া পাকিস্তানৰ বাবে অত্যন্ত লজ্জাজনক। সেয়ে আজি কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ মাজতো পাকিস্তানৰ দৰে দেশসমূহত মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসা বৃদ্ধি পাইছে।’-এইদৰে লিখিছে সম্পাদকীয়টোত।