Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

নতুন দিল্লীঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ সম্ভাৱনীয় মন্ত্ৰীসভাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। মোডীৰ মন্ত্ৰীসভাত ৰাজনাথ সিং, ৰামবিলাস পাছোৱান, সদানন্দ গৌড়া, অৰ্জুন মেঘাৱল, এম এ নাকভি, প্ৰকাশ জাভড়েকাৰ, ৰামদাস আঠাৱলে, পিয়ুষ গোৱেল, আৰ এছ প্ৰসাদ অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷

একেদৰে জিতেন্দ্ৰ সিং, বাবুল সুপ্ৰিয়, জুবিন, স্মৃতি ইৰাণী, নিৰ্মলা সীতাৰমন, পুৰুষিত্তম ৰালপালা আদি মোডীৰ মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত হৈছে। অৱশ্যে এই তালিকা এতিয়াও নিশ্চিত হোৱা নাই যদিও এই সম্পৰ্কত মোডী আৰু শ্বাহৰ মাজত আজি পুৱাৰে অনুষ্ঠিত হৈছে ৰুদ্ধদ্বাৰ বৈঠক।

উল্লেখ্য যে, আজি সন্ধিয়া প্ৰায় ৭.৩০ প্ৰায় ৮ হাজাৰ অতিথিৰ সন্মুখত ৰাষ্ট্ৰপতিৰ ভৱনৰ চৌহদত দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰিব। ইফালে মোদীৰ মন্ত্ৰীসভাত উত্তৰ পূৱৰ কিৰেন ৰিজেজু পুনৰ মন্ত্ৰীভাত স্থান পোৱাৰ সম্ভাৱনা আছে।