ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক প্ৰায় ৪ লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰি দ্বিতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত স্থান পোৱাতো প্ৰায় নিশ্চিত হৈছে। মোডীৰ মন্ত্ৰীসভাত অসমৰ কোনে কোনে স্থান লাভ কৰিব তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰপৰা এই সন্দৰ্ভত ফ’ন অহাত তেলীৰ অন্তৰ্ভুক্তী নিশ্চিত হৈছে৷

শপত গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ প্ৰাকমুহুৰ্তত প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ সাংসদ তেলীলৈ ফোন আহিছিল আৰু তেওঁক আজি অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল৷

ইফালে, তেলীক আজি বিয়লি প্ৰায় ৪.৩০ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ কোৱা হৈছে তেলীক। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰপৰা অহা এই ফোনকলে তেলীৰ মন্ত্ৰী পোৱাটো সম্ভাৱ্য কৰি তুলিছে। 

উল্লেখ্য যে, মোডীৰ মন্ত্ৰীসভাত অৰুণাচলৰ কিৰেন ৰিজিজু আৰু মেঘালয়ৰ আগাখা চাংমাইও স্থান পোৱাৰ সম্ভাৱনা আছে৷ স্বাস্থ্যজনিত কাৰণত অৰুণ জেটলী আৰু সুষমা স্বৰাজে মন্ত্ৰিত্বৰ দায়িত্ব নোলোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি আমেতি সমষ্টিত হৰুৱা স্মৃতি ইৰাণীয়ে মোদীৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷