এইবাৰ বিজেপিৰ বাবে ভবা মতে নহ’ল লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বহু আগৰে পৰাই এইবাৰ এনডিএ মিত্ৰজোঁটে ৪০০ খন আসন লাভ কৰিব বুলি দাবী কৰিছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ আন আন নেতাসকলে। ‘অব কী পাৰ ৪০০ পাৰ’  শ্ল’গানেৰে আৰম্ভ হৈছিল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰ। ভোটগণনাৰ পিছত প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও বিজেপি আৰু এন ডি এ মিত্ৰজোঁটে ৪০০ খন আসন লাভ কৰিব বুলি এক্সিট পল প্ৰকাশ কৰিছিল। কিন্তু ফলাফলত সেয়া নহ’ল। বিগত নিৰ্বাচনত ৩০৩ খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা বিজেপিয়ে এইবাৰ নিৰ্বাচনী ৰথখন সামৰিবলগীয়া হ’ল মাত্ৰ ২৪০ খন আসনতে। অৱশ্যে জনতা দল ইউনাইটেডৰ নীতিশ কুমাৰ আৰু তেলেগু দেশম পাৰ্টিৰ চন্দ্ৰবাবু নাইডুৰ কান্ধত ভেঁজা দি কেন্দ্ৰত পুনৰ এবাৰ এনডিএৰ চৰকাৰ গঠন হ’ল। এই নিৰ্বাচনত এনডিএ মিত্ৰজোঁটে লাভ কৰে সৰ্বমুঠ ২৯১ খন আসন। 

২০২৪ ৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাৰ মাজত কেইবাটাও বিষয়ে প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হ’ল। মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, কৃষক, দৰিদ্ৰতাই ভোটাৰক সমষ্টিয়ে সমষ্টিয়ে প্ৰভাৱিত কৰা দেখা গ’ল। কেন্দ্ৰৰ মোদী চৰকাৰৰ বিৰুদ্ধে জনতাৰ মাজত বৃদ্ধি পোৱা আক্ৰোশৰ প্ৰতিফলন ঘটিল উত্তৰ প্ৰদেশৰ অন্যতম হাই প্ৰফাইল লোকসভা সমষ্টি বাৰাণসীতো। ২০১৯ৰ লোকসভা নিৰ্বাচনত এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় ৪ লাখ ৮০ হাজাৰ ভোটত বিজয় সাব্যস্ত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইবাৰৰ জয়ৰ ব্যৱধান কেৱল মাত্ৰ ডেৰ লাখ ভোটতে আৱদ্ধ হৈ পৰিল। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত বাৰাণসীক লৈ প্ৰধানমন্ত্ৰীৰ আবেগিক সাক্ষাত্কাৰ আৰু তেওঁৰ মন্ত্ৰীসভাৰ বৰ বৰ মন্ত্ৰীৰ ধাৰাবাহিক প্ৰচাৰৰ পিছতো সমষ্টিটোত কংগ্ৰেছ-ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় ৰায়তকৈ মাত্ৰ ১ লাখ ৫২ হাজাৰ ভোট অধিক লাভ কৰিহে জয়ৰ হেট্ৰিক গঢ়িবলৈ সক্ষম হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বাৰাণসীত খোদ প্ৰধানমন্ত্ৰীৰ জয়ৰ ব্যৱধান ইমানলৈ হ্ৰাসত পোৱাত এতিয়া বিজেপি আৰু মোদীৰ প্ৰভাৱক লৈও অলেখ প্ৰশ্নৰ উত্থাপন হৈছে। 

সমষ্টিটোৰ নিৰ্বাচনী ফলাফলক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী নেতাসকলে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আনকি এই দাবীও কৰিছে যে সমষ্টিটোত যদি অজয় ৰায়ৰ বিপৰীতে কংগ্ৰেছৰ হৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন, তেন্তে খোদ প্ৰধানমন্ত্ৰীয়েই পৰাজয় বৰণ কৰিবলগীয়া হ’লহেঁতেন। সমান্তৰালভাৱে আন অনেকেই এই সন্দেহো ব্যক্ত কৰিছে যে  যদি কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে বাৰাণসীত নিৰ্বাচনত অধিক গুৰুত্বসহকাৰে যুঁজিলেহেঁতেন, তেন্তে মোদীৰ জয়যাত্ৰা এইবাৰ থমকি ৰ’লহেঁতেন।

উল্লেখ্য যে, বাৰাণসীত কংগ্ৰেছে ২০১৪, ২০১৯ আৰু ২০২৪ চনত একেৰাহে তিনিবাৰ অজয় ৰায়ক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল। অৱশ্যে তিনিবাৰেই কংগ্ৰেছ প্ৰাৰ্থীজনক পৰাজিত কৰি জয়ৰ হেট্ৰিক গঢ়িবলৈ সক্ষম হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনত অতি শোচনীয়ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল অজয় ৰায়ে। ইয়াৰ পূৰ্বে ২০২২ চনত তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৰায় পিণ্ডৰা সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। কিন্তু তত্সত্বেও চতুৰ্থবাৰৰ বাবে তেওঁৰ ওপৰত বিশ্বাস ব্যক্ত কৰি পুনৰ বাৰাণসীৰ পৰা টিকট প্ৰদান কৰিছিল কংগ্ৰেছে। 

যদি প্ৰিয়ংকাই মোদীৰ বিৰুদ্ধে যুঁজিলেহেঁতেন...

এইবাৰৰ লোকসভা নিৰ্বাচনত ৱায়ানাডৰ লগতে ৰায় বৰেলীৰ পৰাও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাহুল গান্ধীয়ে। নিৰ্বাচনত তেওঁ দুয়োটা সমষ্টিতে বৃহৎ ব্যৱধানেৰে জয়লাভ কৰে। এই বিজয়ৰ পিছতে কংগ্ৰেছৰ দুৰ্গস্বৰূপ ৰায়বৰেলী সমষ্টিত মঙলবাৰে দলীয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰে ৰাহুল গান্ধীয়ে। তাতে তেওঁ কয় যে বাৰাণসীত যদি এইবাৰ মোদীৰ বিৰুদ্ধে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী অৱতীৰ্ণ হ’লহেঁতেন তেন্তে কমেও ৪-৫ লাখ ভোটৰ ব্যৱধানত প্ৰধানমন্ত্ৰী মোদী পৰাস্ত হ’লহেঁতেন। 

মন কৰিবলগীয়া যে, এইবাৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত অতি সক্ৰিয় আছিল প্ৰিয়ংকা গান্ধী। নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিলেও ইণ্ডিয়া মিত্ৰজোঁটৰ হৈ তেওঁ ৰাজ্যখনত অহৰহ প্ৰচাৰ চলাই গৈছিল। 

ইফালে ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছে বাৰাণসীত মোদীৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সমষ্টিত পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে কয়, "আমি প্ৰিয়ংকা গান্ধীক বাৰাণসীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ অনুৰোধ কৰিছিলো। ৰাহুল গান্ধীৰ কথাত মই একমত যে প্ৰিয়ংকা গান্ধীয়ে বাৰাণসীৰ পৰা মোদীক পৰাস্ত কৰিব পাৰিলেহেঁতেন।”

লক্ষণীয় যে, অজয় ৰায়ৰ ৰাজনৈতিক পটভূমিও বিজেপিৰ। সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ ১৯৯৬, ২০০২ আৰু ২০০৭ চনত বাৰাণসী জিলাৰ কলশালা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ২০০৯ চনত অজয় ৰায়ে বাৰাণসী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট বিচাৰিছিল যদিও দলটোৱে মুৰলী মনোহৰ যোশীক প্ৰক্ষেপ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ তেওঁ বিজেপি এৰি সমাজবাদী পাৰ্টিত যোগদান কৰি পৰৱৰ্তী সময়ত ২০১২ চনত কংগ্ৰেছত যোগদান কৰে।

বাৰাণসীত কেনেকৈ হ্ৰাস পালে মোদীৰ বিজয়ৰ ব্যৱধান?

ক্ৰমশঃ লহিয়াবলৈ ধৰা বেলিটোৰ ক্ষীণ ৰেঙনি এচমকাই বাৰাণসীৰ নিশাদৰাজ ঘাটৰ গংগাৰ বক্ষ তিৰবিৰাই তুলিছিল। আবেলিৰ ভটিয়নী ৰ’দজাকে ঘাটৰ ছিৰিত সিঁচি দিয়া ছাঁ খিনিতে বহু নাৱৰীয়াসকলে অপেক্ষা কৰিছিল যাত্ৰীৰ বাবে। এই সময়ত মা গংগাৰ বুকুৰে নৌকা বিহাৰ কৰিবলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহে। 

কামলৈ আহিয়েই ঘণ্টাৰ পিছত ধণ্টা ধৰি ঘাটৰ ছিৰিতেই বহি যাত্ৰীৰ বাবে অপেক্ষা কৰিবলগীয়াত পৰে নাৱৰীয়া গৌৰীশংকৰ নিষাদ। কিন্তু সন্ধিয়া নামি অহাৰ লগে লগে তেওঁৰ হতাশাও বাঢ়ি আহে। পুৱাৰ পৰাই টকা এটাও উপাৰ্জন নহ'লে তেওঁলোকৰ ঘৰৰ ৰেচন-পানী ক’ৰ পৰা আহিব তাক লৈ চিন্তিত হৈ পৰে।

গৌৰীশংকৰ নিষাদে কয় যে যোৱা কেইবছৰমানৰ পৰা বাৰাণসীৰ নাৱিকসকলৰ উপাৰ্জনত পদ্ধতিগতভাৱে প্ৰভাৱ পৰিছে। নিষাদে কয়, “২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ পৰা বাৰাণসীলৈ আহিছিল, তেতিয়া আমি তেওঁক অতি উৎসাহেৰে সমৰ্থন কৰিছিলো। আমি ভাবিছিলো কথাবোৰ ভাল হ’ব। কিন্তু সত্য এতিয়া ওলাই আহিছে যে তেওঁৰ এজেণ্ডা কি আছিল। ২০১৯ চনতো আমি তেওঁৰ ওপৰত আশা হেৰুওৱা নাছিলো। কিন্তু ২০২৪ চনত আমি মোদী আৰু বিজেপিৰ ওপৰত একেবাৰে আস্থা হেৰুৱাই পেলাইছো, সেয়ে এইবাৰ আমি কংগ্ৰেছক ভোট দিছিলো।’’

নাৱৰীয়া গৌৰীশংকৰ নিষাদ, ফটোঃ বিবিচি

গৌৰীশংকৰ নিষাদে কয়, “গংগা নদীত ক্ৰুজ চলাই আছে। ইয়াৰ অনলাইন বুকিং কৰা হৈছে। অনলাইন বুকিঙৰ পৰাই চৰকাৰে লাভ কৰিছে কৰ। ক্ৰুজ আহি পোৱাৰ পিছৰে পৰা আমাৰ উপাৰ্জন একেবাৰে কমি আহিছে। ক্ৰুজৰ সৈতে আমি কেনেকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিম?’’

২০১৮ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বাৰাণসীৰ গংগা নদীত পঞ্চ তাৰকাযুক্ত বিলাসী ক্ৰুজ আৰম্ভ কৰিছিল। এই ক্ৰুজৰ জৰিয়তে গংগাৰ ৮২ ঘাট ভ্ৰমণ কৰা হয় আৰু টিকটৰ মূল্য প্ৰতিজন ব্যক্তিৰ বাবে ৭৫০ টকা। ৩০ মিটাৰ দীঘল এই ডাবল ডেকাৰ ক্ৰুজত একেলগে ১১০ জন লোক বহিব পাৰে।

গংগাৰ পাৰৰ নাৱৰীয়াৰ ক্ষোভ

গৌৰী শংকৰ নিষাদে কয়, ‘এয়া কেৱল ক্ৰুজৰ কথা নহয়। তেওঁ মণিকৰ্ণিকা ঘাটৰ পৰা বাবা বিশ্বনাথ মন্দিৰলৈ কৰিড’ৰ নিৰ্মাণ কৰিছিল। আমি আগতে মণিকৰ্ণিকা ঘাটত আমাৰ দোকান স্থাপন কৰি মাছ বিক্ৰী কৰিছিলোঁ। কৰিড’ৰটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁলোকে কৈছিল যে তেওঁলোকে নিজৰ দোকানবোৰ আঁতৰাই দিব লাগে আৰু কৰিড’ৰটো নিৰ্মাণ হোৱাৰ পিছত সকলোৱে নতুনকৈ এখন দোকান পাব। কিন্তু যেতিয়া দোকানসমূহ নিৰ্মাণ কৰা হ’ল, তেতিয়া আমাক কোৱা হ’ল যে এখন দোকানৰ বাবে ২৫ লাখ টকা দিব লাগিব। আমি দুখীয়া মানুহে ২৫ লাখ টকা কেনেকৈ পাম? এইদৰেই মণিকৰ্ণিকা ঘাটৰ পৰা দৰিদ্ৰ লোকক উচ্ছেদ কৰা হ’ল। এতিয়া মণিকৰ্ণিকা ঘাটলৈ গ’লে আমুল ডেইৰীৰ বুথ আৰু ব্ৰেণ্ডেড শ্ব’ৰুম আছে। মোদীজীয়ে বাৰাণসীতো গুজৰাটৰ মংগল বিচাৰে। আমুল গুজৰাটৰ। ক'লৈ গ'ল উত্তৰ প্ৰদেশৰ পৰাগ ডেইৰী? খোদ গুজৰাটৰ পৰাও ক্ৰুজৰ অৰ্ডাৰ দিয়া হৈছে।”

বিজেপিৰ কাশী অঞ্চলৰ সভাপতি দিলীপ পেটেলে কয়, 'গুজৰাটৰ সৈতে ক্ৰুজৰ কোনো সম্পৰ্ক নাই। ইয়াক কেৱল বাৰাণসীবাসীয়েহে পৰিচালনা কৰে। উন্নয়নৰ কাম হ’লে কিছুমান মানুহে সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিন্তু আমি উন্নয়নৰ কাম বেছি দিন বন্ধ কৰিব নোৱাৰো। যিসকলৰ দোকান বৈধ আছিল তেওঁলোকে ক্ষতিপূৰণও লাভ কৰিছে।'

অমিত সাহনীয়েও গংগা নদীত নাও চলায়। গংগা নদীত ক্ৰুজ চলোৱাৰ বাবে তেঁৱো এতিয়া ক্ষুব্ধ। অমিতে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলে ক্ৰুজ চলি থকাৰ সময়ত আমাৰ নাও গংগা নদীত চলিবলৈ দিয়া নহয়।" কিন্তু নৰেন্দ্ৰ মোদীক লৈ কেৱল বাৰাণসীৰ নাৱৰীয়াসকলৰ মাজতে সীমাবদ্ধ নহয়, মোদীৰ নীতিক মুকলিকৈ সমালোচনা কৰে শিপিনীসকলেও।

শিপিনীসকলৰ ক্ষোভ

পূৰ্বে লক্ষ্মী শংকৰ ৰাজভৰে পাৱাৰ লুম মেচিন ব্যৱহাৰ কৰি বানাৰসী শাৰী বনাইছিল যদিও এতিয়া বিগত পাঁচ বছৰে ৰিক্সা চলাই আছে। দৰিদ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে ৰাজভৰক ৫৫ বছৰ বয়সত ৮৫ বছৰীয়া যেন লাগে। ৰাজভৰে কয়, “চুৰাটত এতিয়া বানাৰসী শাৰী বনোৱা হৈছে আৰু তাৰ পৰাই বাৰাণসীত বনোৱা হৈছে। ইয়াৰ শিপিনীসকল অসাৰ হৈ পৰিল। আমাৰ দক্ষতা এতিয়া এলাগী হৈ পৰিছে।”

জালালিপুৰা লাল কুৱান হৈছে বাৰাণসীত শিপিনীৰ এটা অঞ্চল। এই অঞ্চলৰ ৰাজপথেৰে পাৰ হৈ গ’লে ঘৰবোৰত চলি থকা পাৱাৰ তাঁতশালৰ মেচিনৰ শব্দ এতিয়াও শুনা যায়।

অৱশ্যে এই শব্দ এতিয়া ধীৰ হৈ পৰিছে। পাৱাৰ লুম মেচিনবোৰত এতিয়া ধূলি-মাকতিয়ে ঠাই লৈছে। আগতে পাৱাৰ লুমৰ মেচিন চলি থকা ঘৰবোৰত এতিয়া চাহ-কফি দোকান খোল খাইছে। ইয়াৰ শিপিনীসকলে কয় যে শাৰী বনাই প্ৰতিদিনে ২০০ টকাও উপাৰ্জন কৰাটো কঠিন।

আগতে লাল্লু আনছাৰীৰ ঘৰত চাৰিটা পাৱাৰ লুমৰ মেচিন চলিছিল যদিও এতিয়া তাত এখন চাহৰ দোকান খোল খাইছে। লাল্লুৱে কয়, “মোৰ পৰিয়ালৰ বহু পুৰুষে চুৰাটলৈ গৈছিল আৰু এতিয়া তাতেই বানাৰসী শাৰী বনাই আছে। আয়তকৈ অধিক জি এছ টি লোৱা হৈছে। পাৱাৰ লুমৰ মেচিন থকা ঘৰটোৰ ওপৰত বাণিজ্যিক কৰ আৰোপ কৰা হয়। যদি আয় নাথাকে তেন্তে কৰ কেনেকৈ দিব? বিদ্যুৎও আহিয়েই থাকে আৰু ইয়াৰ ওপৰত ৰাজসাহায্য পোৱাৰ কোনো নিশ্চয়তা নাই। লোকচানৰ চুক্তিত আবদ্ধ হৈ থকাতকৈ আগবাঢ়ি গৈ চুৰাটত টকা উপাৰ্জন কৰাই ভাল।

লক্ষ্মী শংকৰে পূৰ্বে বেনাৰসী শাড়ী বৈছিল, এতিয়া ৰিক্সা চলাবলৈ 
বাধ্য হৈ পৰিছে। ফটোঃ বিবিচি

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে যেতিয়া বাৰাণসীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহিছিল, তেতিয়া তেওঁ শিপিনীৰ অৱস্থা উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ২০১৪ চনৰ ২৭ জুনত প্ৰথমবাৰৰ বাবে বস্ত্ৰ খণ্ডৰ ওপৰত পৰ্যালোচনা বৈঠক আহ্বান কৰিছিল মোদীয়ে। মোদীয়ে আমোলাসকলক ফেশ্বনৰ সৈতে হেণ্ডলুম সংযোগ কৰাৰ উপায় বিচাৰি উলিয়াবলৈ কৈছিল। আজি পৰ্যন্ত কোনো সমাধান বিচাৰি উলিয়াব পৰা নাই আমোলাসকলে। এতিয়া পৰিস্থিতি এনেকুৱা যে শিপিনীসকলে নিজৰ দক্ষতাৰ পৰা আঁতৰি গৈছে আৰু বহুতে ৰিক্সা টানিবলৈ বাধ্য হৈছে। বাৰাণসীত নৰেন্দ্ৰ মোদাীৰ বিজয়ৰ ব্যৱধান সংকুচিত হোৱাৰ কথা সুধিলেই বাৰাণসীবাসীৰ অধিকাংশই এটা কথাকেই কয় যে কয় যে কেৱল ৰাস্তা-ঘাট আৰু কৰিড’ৰেৰে পেট নভৰে।

বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাক লৈ ক্ষোভ

বিজেপি বিৰোধী আৰু বিজেপি সমৰ্থক দুয়োজনেই একমত যে বাৰাণসীত আন্তঃগাঁথনিৰ কাম কৰা হৈছে। এতিয়া চহৰৰ পৰা বিমানবন্দৰলৈ যাবলৈ ৪০ মিনিট সময় লাগে, আনহাতে আগতে যান-জঁটৰ বাবে ৩৫ কিলোমিটাৰ যাবলৈ দুঘণ্টা সময় লাগিছিল।

বিশ্বনাথ মন্দিৰৰ কৰিড’ৰ আৰু ঘাটসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বৃদ্ধি পাইছে। কিন্তু একে সময়তে মানুহে সুধিছে, “চাকৰিবোৰ ক’ত?” আকাশলংঘী হৈছে মুদ্ৰাস্ফীতি। প্ৰতিমাহে প্ৰশ্নকাকত ফাদিল হোৱাৰ লগে লগে আৰক্ষীৰ স্বেচ্ছাচাৰীতা বৃদ্ধি পাইছে।

বাৰাণসীৰ বহু লোকে কয় যে মহানগৰীৰ ব্যৱসায় আৰু উন্নয়নৰ কাম সম্পূৰ্ণৰূপে গুজৰাটীৰ হাতলৈ আহিছে। বাৰাণসী জিলা বিজেপিৰ সভাপতি হংসৰাজ বিশ্বকৰ্মাক যেতিয়া সোধা হয় যে চহৰৰ ৰাইজে কিয় ব্যৱসায় আৰু ঠিকাদাৰ গুজৰাটীৰ হাতলৈ আহিছে বুলি কৈছে? ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ কয়, "গুজৰাটৰ ঠিকাদাৰ গৌৰৱ সিং পেটেলে বাৰাণসীত কেৱল টিএফচি (ট্ৰেড ফেচিলিটি চেণ্টাৰ) আৰু বাবাটপুৰ পথহে নিৰ্মাণ কৰিছিল। ইয়াৰ বাহিৰেও গুজৰাটীয়ে পোৱা আন কোনো চুক্তিৰ বিষয়ে মই অৱগত নহয়। ক্ৰুজৰ মালিক গুজৰাটী নহয়।”

বিশ্বকৰ্মাই লগতে কয়, “কম ভোটেৰে মোদী জীক জয়ী কৰোৱাই বাৰাণসীবাসীয়ে মূৰ্খৰ দৰে কাম কৰিছে। পৰাজিত হ’লেও তেওঁ প্ৰধানমন্ত্ৰী হ’লহেঁতেন। কিন্তু আমাৰ বাবে বৰ লজ্জাজনক আছিল। ইয়াৰ পৰা কমেও পাঁচ লাখ ভোটত জয়ী হ’ব লাগিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।” হংসৰাজ বিশ্বকৰ্মাই কয়, "মোৰ বাস কৰা কাঞ্চনপুৰ ৱাৰ্ডত প্ৰায় ৩৫০০ ভোট দিয়া হৈছিল আৰু অজয় ৰায়ে ১১০০ টা ভোট পাইছিল, মূৰ্খামিৰ পৰিসৰ চাওক। যাদৱ, কুশৱাহা, পেটেল আৰু মুছলমানে ভোট দিছে অজয় ৰায়ক।  উচ্ছেদৰ অভিযোগ কৰা সকলে বুজিব লাগিব যে এই সকলোবোৰ উন্নয়নৰ বাবে কৰিব লাগিব। ইয়াৰ ক্ষতিপূৰণো আমি দি আছো।”

কৰিড’ৰৰ বাবে শ শ ঘৰ ভাঙি পেলোৱাৰ প্ৰস্তুতি

আছি ঘাটত বসবাস কৰা প্ৰায় ৩০০ লোকৰ ভিতৰতএজন জয়নাৰায়ণ মিশ্ৰ। জগন্নাথ কৰিড’ৰ নিৰ্মাণৰ বাবে এতিয়া তেওঁৰ ঘৰটোও ভাঙি পেলোৱাৰ প্ৰস্তুতি চলিছে। মিশ্ৰই কয়, জিলা প্ৰশাসনে প্ৰায় ৩০০ লোকক জনাইছে যে তেওঁলোকৰ ঘৰ চৰকাৰী মাটিত আছে। তেওঁ কয়, “স্বাধীনতাৰ আগৰে পৰা আমি যি ঘৰত বাস কৰি আহিছো, আমি যিটো ঘৰৰ ওপৰত সম্পত্তিৰ কৰ দিওঁ, সেই ঘৰটো এতিয়া চৰকাৰী মাটিত আছে বুলি কোৱা হৈছে। জগন্নাথ কৰিড’ৰ নিৰ্মাণৰ ধাৰণা গুজৰাটৰ বিজেপি নেতা সুনীল ওঝাৰ আছিল। যি জগন্নাথ মন্দিৰৰ বাবে কৰিড’ৰ নিৰ্মাণ কৰা হৈছে, সেয়া প্ৰাচীন মন্দিৰ নহয়, কিন্তু উন্নয়নৰ নামত ধ্বংস কৰিব বিচৰা কোনো লোকক কোনে বাধা দিব পাৰে?”

হতাশাৰ ৰাগ টানি জয়নাৰায়ণ মিশ্ৰই কয়, "মই মোৰ অঞ্চলৰ (বাৰাণসী দক্ষিণ) বিজেপিৰ বিধায়ক সৌৰভ শ্ৰীবাস্তৱক কৈছিলো যে এই কৰিড’ৰটো বন্ধ কৰি মানুহৰ ঘৰ বচাওক, তাৰ পিছত তেওঁ কৈছিল যে আমি আপোনালোকৰ ভোট নিবিচাৰো। ইয়াৰ পিছত মই কৈছিলোঁ যে ২০১৯ চনৰ তুলনাত যদি মোদীয়ে এটা ভোটো কম পায় তেন্তে মই জয়ী হ’ম। কিন্তু মহাদেৱৰ কৃপাত এইবাৰ দুই লাখ ২৭ হাজাৰ কম ভোট পালে। বিজেপিৰ মানুহৰ অহংকাৰ ইমানেই বাঢ়িছে যে ইয়াৰ উত্তৰ দিয়াটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। কেৱল বিজেপি ৰাইজেহে মোদীক পৰাস্ত কৰিব। ভাঙিবলগীয়া ৩০০ ঘৰৰ ভিতৰত ৯৯ শতাংশ ঘৰ মোদী-মোদী বুলি গুণানুকীৰ্ত্তন কৰাসকলৰ।”

ফটোঃ গংগাৰ পাৰত নিৰ্মাণ কৰা বিশ্বনাথ মন্দিৰ কৰিড'ৰ

দিলীপ পেটেল বিজেপিৰ কাশী অঞ্চলৰ সভাপতি। পেটেলে স্বীকাৰ কৰে যে মহানগৰীৰ উন্নয়নমূলক কামৰ বাবে ৰাইজৰ মাজত কিছু ক্ষোভৰ সৃষ্টি হৈছে যদিও উন্নয়ন কৰিব লাগিব। তেওঁ কয়, "যি ৩০০ ঘৰ ভাঙি পেলোৱা হৈছে সেয়া বৈধ নহয়।" বাৰাণসীত গুজৰাটীৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ অভিযোগ সন্দৰ্ভত পেটেলে কয়, "এয়া বিৰোধীয়ে স্থানীয় জনসাধাৰণক বিজেপিৰ বিৰুদ্ধে উচটনি দিয়াৰ কৌশল।"

দিলীপ পেটেলে কয় যে চৰকাৰী নিযুক্তিৰ প্ৰশ্নকাকত ফাদিলৰ বাবেও বিজেপিয়ে ৰাইজৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁ লগতে স্বীকাৰ কৰে যে টি এফ চি আৰু বাবাটপুৰ পথ নিৰ্মাণৰ কাম গুজৰাটৰ ঠিকাদাৰ গৌৰৱ সিং পেটেলে কৰিছিল আৰু গুজৰাটৰ পৰাও বিশ্বনাথ কৰিড’ৰ ডিজাইন কৰিবলৈ আহিছিল। পেটেলে কয়, ‘গুজৰাটী আৰু মাৰাঠীৰ কথা নহয়, দক্ষতাৰ কথা। ভাল কাম কৰাজনে দায়িত্ব পায়।”

বাৰাণসীত মোদীৰ ভোট হ্ৰাস পোৱাৰ অৰ্থ

নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আছিল বিজেপিৰ কৌশলগত সিদ্ধান্ত। বাৰাণসীত মোদীৰ বিজয়ৰ প্ৰভাৱ কেৱল উত্তৰ প্ৰদেশতে নহয়, বিহাৰতো পেলায়। এই ৰাজ্য দুখনত মুঠ ১২০খন লোকসভাৰ আসন আছে। এই দুখন ৰাজ্যৰ সৰ্বোচ্চ আসন লাভ কৰাৰ পিছতহে কেন্দ্ৰত এটা দলে চৰকাৰ গঠন কৰিব পাৰে।

ইয়াৰ লগতে বাৰাণসীৰ সাংস্কৃতিক গুৰুত্বও আছে। বাৰাণসীক ভগৱান শিৱৰ নগৰ হিচাপে দেখা যায়। জ্ঞানবাপী মছজিদৰ বিতৰ্কও ইয়াতে সম্পৰ্কিত। অযোধ্যা আৰু মথুৰাৰ দৰে বাৰাণসীতো মন্দিৰ-মছজিদৰ বিবাদে দেশজুৰি চৰ্চা লাভ কৰি আছে। জ্ঞানবাপীৰ বিষয়টো দশক দশক ধৰি বেক বাৰ্নাৰত আছিল যদিও অযোধ্যাক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত এই বিষয়টোও আদালতত উপনীত হৈছে। কিন্তু এইবাৰ বিজেপিয়ে সকলো ফালৰ পৰা হতাশাৰ সন্মুখীন হ’ল।

এইবাৰৰ লোকসভা নিৰ্বাচনত সমগ্ৰ উত্তৰ প্ৰদেশতে যেন মুখ থেকেচা খালে বিজেপিয়ে। বিশেষকৈ পূৰ্বাঞ্চলত ১৩ খন আসনৰ ভিতৰত ১০ খন আসনেই হেৰুৱাই এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ল ভাৰতীয় জনতা পাৰ্টি। অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ দুৰ্গ গোৰখপুৰৰ আশে-পাশে আসন ৰক্ষা কৰাত সফল হৈছে। গোৰখপুৰ, মহাৰাজগঞ্জ, দেওৰিয়া, কুশনগৰ আৰু বাংসগাঁৱত বিজেপিয়ে জয়লাভ কৰিছে।

প্ৰভাৱ হেৰুৱাইছে নেকি নৰেন্দ্ৰ মোদীয়ে?

দিলীপ পেটেলে কয় যে, "মই একমত যে প্ৰধানমন্ত্ৰীৰ ১.৫ লাখ ভোটত জয়লাভ কৰাটো আমাৰ বাবে লাজৰ বিষয়, কিন্তু বিৰোধীৰ উৰাবাতৰিৰ বাবেই এনে হ'ল যে আমি যদি ক্ষমতালৈ আহোঁ তেন্তে সংবিধান সলনি কৰিম। এই উৰাবাতৰিৰ বাবেই দলিতসকল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ পক্ষলৈ গ’ল। সমাজবাদী পাৰ্টিৰ বাবে যাদৱও আমাৰ বিৰুদ্ধে গ’ল আৰু ইতিমধ্যে মুছলমান তেওঁলোকৰ লগত আছিলেই।”

প্ৰাৰম্ভিক পৰ্যায়ত নৰেন্দ্ৰ মোদী কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়তকৈ পিছ পৰি আছিল। লাল চন্দ্ৰ কুশৱাহা বাৰাণসীৰ এজন পুৰণি বিজেপি নেতা। এইবাৰ নৰেন্দ্ৰ মোদীয়ে মনোনয়নত কুশৱাহাক প্ৰস্তাৱক কৰি দিছিল। প্ৰথম পৰ্যায়ৰ ভোটগণনাত যেতিয়া মোদী পিছ পৰি ৰৈছিল তেতিয়া অস্থিৰ হৈ পৰিছিল বিজেপিৰ সমৰ্থকসকল। লাল চন্দ্ৰ কুশৱাহাই হাঁহি হাঁহি কয়, "প্ৰথম কেইটামান পৰ্যায়ৰ ভোটগণনাত মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই গম পালোঁ যে কিয় এনেকুৱা হৈছে। দলীয় কৰ্মীসকলে জনোৱা মতে, বৰ্তমান মুছলমান অঞ্চলৰ ইভিএম খোলা আছে। তেতিয়াহে মই স্বস্তিৰ উশাহ ল’ব পাৰিলোঁ। বিজেপিৰ কৰ্মীসকল খুব উৎফুল্লিত হৈ পৰিছিল। তেওঁলোকে অনুভৱ কৰিছিল যে মোদীৰ নামত নিৰ্বাচনত জয়ী হ’ব। আমাৰ বাবে দুখৰ বিষয় যে মোদী জীয়ে মাত্ৰ ডেৰ লাখ ভোটত জয়ী হৈছে।”

এইটো সঁচা যে যোৱা দুটা নিৰ্বাচনত বিজেপি বিৰোধী ভোট বিভাজন হৈছিল। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰ বিজয়ৰ ব্যৱধান বৃদ্ধি পাইছিল। কিন্তু এইবাৰ বাৰাণসীত প্ৰতিযোগিতা সম্পূৰ্ণ দুপক্ষীয়। এই নিৰ্বাচনত প্ৰায় ৯৫ শতাংশ ভোট নৰেন্দ্ৰ মোডী আৰু অজয় ৰায়ৰ মাজত বিভক্ত হৈছিল আৰু বাকী ৫ শতাংশ ভোট নোটাকে ধৰি আন পাঁচজন প্ৰাৰ্থীৰ মাজত ভাগ হৈছিল।

তৃতীয় স্থানত থকা বহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী অথৰ জামাল লাৰীয়ে লাভ কৰে মাত্ৰ ৩৩ হাজাৰ ভোট। অৰ্থাৎ মুছলমানেও তেওঁক ভোট নিদিলে। বাৰাণসীত মুছলমানৰ প্ৰায় চাৰে তিনি লাখ ভোট আছে। ২০১৯ চনত সমাজবাদী পাৰ্টিৰ শালিনী যাদৱে ১ লাখ ৯৫ হাজাৰ ১৫৯ টা ভোট আৰু কংগ্ৰেছৰ অজয় ৰায়ে ১ লাখ ৫২ হাজাৰ ৫৪৮ টা ভোট লাভ কৰিছিল। ২০১৯ চনত বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টিৰ মাজত মিত্ৰতা হৈছিল। শালিনী যাদৱৰ ভোটৰ ভাগ ১৮.৪০ শতাংশ আৰু অজয় ৰায়ৰ ভোটৰ ভাগ আছিল ১৪.৩৮ শতাংশ।

বিজেপিৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পতঞ্জলি পাণ্ডেয়ে কয় যে এইবাৰ মুছলমান আৰু যাদৱসকলে মিলি মোদীৰ বিজয়ৰ ব্যৱধান হ্ৰাস কৰিছে। পাণ্ডেয়ে কয়, "মোদী জীয়ে নিজৰ হৃদয় জোকাৰি মুছলমানক দিলেও মুছলমানে তেওঁক ভোট নিদিয়ে।"

হাজী ৱাকাছ আনছাৰী বাৰাণসীৰ জালালিপুৰাৰ পৰামৰ্শদাতা। পতঞ্জলি পাণ্ডেৰ এই মন্তব্যক লৈ তেওঁ কয় যে মুছলমানক মোদী জীৰ হৃদয়ৰ প্ৰয়োজন নাই, বৰঞ্চ তেওঁৰ সন্মানহে লাগে। আনছাৰীয়ে কয়, "মোদী জীয়ে মুছলমানক টিকট দিবলৈ আৰম্ভ কৰক, আমাক মৰমৰ চকুৰে চাব লাগে আৰু তেওঁৰ কেবিনেটত কিছু মুছলমানক অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ পিছত যদি কোনো মুছলমানে ভোট নিদিয়ে তেন্তে এনে অভিযোগ অধিক শুদ্ধ যেন লাগিব।”

মোদীৰ বিৰুদ্ধে ভুল প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে নেকি কংগ্ৰেছে?

সুৰেন্দ্ৰ সিং পেটেল বাৰাণসীৰ সমাজবাদী পাৰ্টিৰ এগৰাকী পুৰণি নেতা। ২০০২ চনৰ পৰা ২০১৭ চনলৈ তেওঁ বাৰাণসীৰ সেৱাপুৰীৰ পৰা সমাজবাদী পাৰ্টীৰ বিধায়ক আছিল। মুলায়ম সিং যাদৱ আৰু অখিলেশ যাদৱ চৰকাৰৰ মন্ত্ৰীও আছিল তেওঁ। সুৰেন্দ্ৰ পেটেলে কয় যে এইবাৰ বাৰাণসীৰ পৰা নৰেন্দ্ৰ মোদীক পৰাস্ত কৰাৰ এটা ভাল সুযোগ আছিল যদিও কংগ্ৰেছে এই সুযোগ হেৰুৱালে।

পেটেলে কয়, "যেতিয়া ৰাহুল গান্ধী আৰু অখিলেশ যাদৱ বাৰাণসীত ৰেলী কৰিবলৈ আহিছিল, তেতিয়া অখিলেশে মোৰ সন্মুখত ৰাহুলক অজয় ৰায়ৰ কথা কৈছিল যে আপুনি সঠিক প্ৰাৰ্থী থিয় কৰোৱা নাই। অখিলেশে কয় যে সমাজবাদী পাৰ্টিয়ে যদি ইয়াৰ পৰাই প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন। এই কথা শুনি ৰাহুল গান্ধীয়ে হাঁহিবলৈ ধৰিলে। যদি কংগ্ৰেছে বাৰাণসীৰ পৰা মোদীক পৰাস্ত কৰিব বিচাৰিছিল, তেন্তে অজয় ৰায়ক প্ৰাৰ্থিত্ব নিদিলেহেঁতেন। কিন্তু বহু তাৰকা প্ৰাৰ্থীৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজি আছে। আমেথি আৰু ৰায়ে বৰেলীলৈও প্ৰচাৰ চলাবলৈ যোৱা নাছিল মোদী।”

ইফালে কোৱা হয় যে অখিলেশ যাদৱ আৰু অজয় ৰায়ৰ মাজত দীৰ্ঘদিনীয়া মত-বিবাদ আছে। যোৱা বছৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত অখিলেশ যাদৱ আৰু অজয় ৰায়ৰ মাজত বিবাদ ঘটিছিল। অখিলেশ যাদৱে মধ্যপ্ৰদেশত ইণ্ডিয়া মিত্ৰজোঁটৰ অধীনত কিছু বিধানসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল যদিও কংগ্ৰেছে তেওঁক কোনো আসন দিবলৈ অস্বীকাৰ কৰিছিল। এই বিবাদত অজয় ৰায়ও অখিলেশৰ টাৰ্গেট হৈ পৰে।

মন কৰিবলগীয়া যে, এইবাৰৰ লোকসভা নিৰ্বাচন চলি থকাৰ সময়তো উত্তৰ প্ৰদেশত ইণ্ডিয়া মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অখিলেশ যাদৱে কৈছিল- “কিয়’টৰ বাহিৰে বাকী ৭৯ খন আসনত।” প্ৰণিধানযোগ্য যে, ২০১৪ চনত প্ৰথমবাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত নৰেন্দ্ৰ মোদীয়ে বাৰাণসীক জাপানৰ চহৰ কিয়’ট সদৃশ কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। এনে পৰিপ্ৰেক্ষিততে অখিলেশ যাদৱে বাৰাণসীত ইণ্ডিয়া মিত্ৰজোঁটৰ পৰাজয় পূৰ্বেই স্বীকাৰ কৰি কিয়’ট বুলি মন্তব্য কৰিছিল।

নৰেন্দ্ৰ মোদী বনাম অজয় ৰায়

বাৰাণসীত মুঠ ১৯ লাখ ৯৭ হাজাৰ ৫৭৮ জন ভোটাৰ আছে। ১ জুনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বাৰাণসীত ৫৬.৩৫ শতাংশ ভোটাৰে ভোটদান কৰে। অৰ্থাৎ মাত্ৰ ১১ লাখ ৩০ হাজাৰ ১৪৩ জন ভোটাৰে এইবাৰ সমষ্টিটোত সাব্যস্ত কৰে ভোটাধিকাৰ, আৰু ইয়াৰ ভিতৰত নৰেন্দ্ৰ মোদীয়ে ৫৪.২৪ শতাংশ অৰ্থাৎ ৬ লাখ ১২ হাজাৰ ৯৭০ ভোট লাভ কৰে। আনহাতে কংগ্ৰেছৰ অজয় ৰায়ে ৪০.৭৪ শতাংশ অৰ্থাৎ ৪ লাখ ৬০ হাজাৰ ৪৫৭ টা ভোট লাভ কৰে। অৰ্থাৎ নৰেন্দ্ৰ মোডীৰ বিজয়ৰ ব্যৱধান আছিল মাত্ৰ ১ লাখ ৫২ হাজাৰ ৫১৩ টা ভোট।

২০১৯ চনৰ নিৰ্বাচনত বাৰাণসীত মোদীৰ ভোটৰ ভাগ আছিল ৬৩.৬ শতাংশ আৰু ২০১৪ চনত আছিল ৫৬.৪ শতাংশ। ২০১৯ চনত নৰেন্দ্ৰ মোদীয়ে ৪ লাখ ৭৯ হাজাৰ ৫০৫ ভোটত জয়লাভ কৰিছিল। ২০২৪ চনত মোদীৰ জয় ২০১৯ চনৰ তুলনাত সৰু নহয়, ২০১৪ চনৰ তুলনাতে সৰু। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে ৩ লাখ ৭১ হাজাৰ ৭৮৪ টা ভোটত জয়লাভ কৰিছিল।

বাৰাণসীত ২০১৪ চনৰ তুলনাত ২০১৯ চনত নৰেন্দ্ৰ মোডীৰ ভোটৰ অংশীদাৰিত্ব ৭.২৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ২০১৯ চনৰ তুলনাত ২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ ভোটৰ অংশীদাৰিত্ব ৯ শতাংশতকৈ অধিক হ্ৰাস পাইছে। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ নৰেন্দ্ৰ মোদীৰ নিকটতম প্ৰতিদ্বন্দ্বী বাৰাণসীত প্ৰতিবাৰেই সলনি হৈ আহিছে।

২০১৪ চনত নৰেন্দ্ৰ মোদীৰ পিছতে বাৰাণসীত দ্বিতীয় সৰ্বাধিক ভোট লাভ কৰিছিল আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰিৱালে। ২০১৯ চনত সমাজবাদী পাৰ্টিৰ শলিনী যাদৱ দ্বিতীয় স্থানত আৰু ২০২৪ চনত কংগ্ৰেছৰ অজয় ৰায়ে দ্বিতীয় স্থানত থাকে। ২০১৪ চনত আম আদমী পাৰ্টিয়ে নিজাববীয়াকৈ বাৰাণসীত নিৰ্বাচনী খেলপথাৰত নামিছিল। ২০১৯ চনত বহুজন সমাজ পাৰ্টি আৰু আৰ এল ডিৰ সৈতে সমাজবাদী পাৰ্টিৰ মিত্ৰতা হৈছিল। ২০২৪ চনত সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হয়।

মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়

তথ্যৰ পৰা স্পষ্ট যে ২০২৪ চনত বাৰাণসীত মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ভোটদান একেবাৰে বিভাজন হোৱা নাছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মোদীৰ বিজয়ৰ ব্যৱধানত পৰিছিল। ২০১৪ চনত বাৰাণসীত মোদীৰ বিৰুদ্ধে নোটাকে ধৰি মুঠ ৪২ জন প্ৰাৰ্থী আছিল, ২০১৯ চনত ২৬ জন প্ৰাৰ্থী আছিল আৰু এইবাৰ অৰ্থাৎ ২০২৪ চনত প্ৰাৰ্থী আছিল মাত্ৰ ৭ জন।

যদি ভোটৰ ভাগৰ ফালৰ পৰা চোৱা হয়, তেন্তে ২০১৪ আৰু ২০১৯ চনৰ তুলনাত এইবাৰ দ্বিতীয় স্থানত থকা প্ৰাৰ্থীগৰাকীয়ে সৰ্বাধিক ৪০.৪ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ২০১৪ চনত অৰবিন্দ কেজৰিৱালে দ্বিতীয় স্থানত আছিল আৰু তেওঁৰ ভোটৰ অংশ আছিল ২০.৩ শতাংশ। ২০১৯ চনত শলিনী যাদৱ দ্বিতীয় স্থানত আছিল আৰু তেওঁৰ ভোটৰ অংশ আছিল ১৮.৪ শতাংশ।

বাৰাণসীত পাঁচটা বিধানসভা সমষ্টি আছে। সেয়া হৈছে, ৰোহনীয়া, বাৰাণসী উত্তৰ, বাৰাণসী দক্ষিণ, বাৰাণসী কেণ্ট আৰু সেৱাপুৰী। এই সকলোবোৰ বিধানসভা সমষ্টিতে ২০১৯ চনৰ তুলনাত নৰেন্দ্ৰ মোদীৰ ভোট হ্ৰাস পাইছে আৰু অজয় ৰায়ৰ ভোট বৃদ্ধি পাইছে। এইবাৰ বিৰোধীৰ ভোট কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ৰ সৈতে একত্ৰিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মোদীৰ বিজয়ৰ ব্যৱধানত পৰে।