Home দেশএই জয় পৰাজয়ৰ সমান! বাৰাণসীত এইবাৰ কিয় হ্ৰাস পালে মোদীৰ জয়ৰ ব্যৱধান?

এই জয় পৰাজয়ৰ সমান! বাৰাণসীত এইবাৰ কিয় হ্ৰাস পালে মোদীৰ জয়ৰ ব্যৱধান?

by News Desk
A+A-
Reset
modi-politica

এইবাৰ বিজেপিৰ বাবে ভবা মতে নহ’ল লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বহু আগৰে পৰাই এইবাৰ এনডিএ মিত্ৰজোঁটে ৪০০ খন আসন লাভ কৰিব বুলি দাবী কৰিছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ আন আন নেতাসকলে। ‘অব কী পাৰ ৪০০ পাৰ’  শ্ল’গানেৰে আৰম্ভ হৈছিল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰ। ভোটগণনাৰ পিছত প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও বিজেপি আৰু এন ডি এ মিত্ৰজোঁটে ৪০০ খন আসন লাভ কৰিব বুলি এক্সিট পল প্ৰকাশ কৰিছিল। কিন্তু ফলাফলত সেয়া নহ’ল। বিগত নিৰ্বাচনত ৩০৩ খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা বিজেপিয়ে এইবাৰ নিৰ্বাচনী ৰথখন সামৰিবলগীয়া হ’ল মাত্ৰ ২৪০ খন আসনতে। অৱশ্যে জনতা দল ইউনাইটেডৰ নীতিশ কুমাৰ আৰু তেলেগু দেশম পাৰ্টিৰ চন্দ্ৰবাবু নাইডুৰ কান্ধত ভেঁজা দি কেন্দ্ৰত পুনৰ এবাৰ এনডিএৰ চৰকাৰ গঠন হ’ল। এই নিৰ্বাচনত এনডিএ মিত্ৰজোঁটে লাভ কৰে সৰ্বমুঠ ২৯১ খন আসন। 

২০২৪ ৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাৰ মাজত কেইবাটাও বিষয়ে প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হ’ল। মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, কৃষক, দৰিদ্ৰতাই ভোটাৰক সমষ্টিয়ে সমষ্টিয়ে প্ৰভাৱিত কৰা দেখা গ’ল। কেন্দ্ৰৰ মোদী চৰকাৰৰ বিৰুদ্ধে জনতাৰ মাজত বৃদ্ধি পোৱা আক্ৰোশৰ প্ৰতিফলন ঘটিল উত্তৰ প্ৰদেশৰ অন্যতম হাই প্ৰফাইল লোকসভা সমষ্টি বাৰাণসীতো। ২০১৯ৰ লোকসভা নিৰ্বাচনত এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় ৪ লাখ ৮০ হাজাৰ ভোটত বিজয় সাব্যস্ত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইবাৰৰ জয়ৰ ব্যৱধান কেৱল মাত্ৰ ডেৰ লাখ ভোটতে আৱদ্ধ হৈ পৰিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0