আকৌ এক হৃদয় বিদাৰক ৰেল দুৰ্ঘটনাই শোকস্তব্ধ কৰিছে সমগ্ৰ দেশবাসীক। সোমবাৰে পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ সমীপত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষত কমেও ১০ জন যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাত আহত আন কেইবাজনো যাত্ৰীক বিভিন্ন হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
অৱশ্যে ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জয়া বাৰ্মা সিনহাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দুৰ্ঘটনাৰ ফলত ৯ জন লোক নিহত আৰু ২৫ জন লোক আহত হোৱা বুলি দাবী কৰে। তেওঁ প্ৰকাশ কৰা মতে, নিহত সকলৰ ৫ গৰাকী ৰে’লযাত্ৰী হোৱাৰ লগতে আন তিনিগৰাকী ৰে’লখনৰ কৰ্মচাৰী আছিল। ৰে’ল কৰ্মচাৰীৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী বিষয়া জয়া বাৰ্মা সিনহাই লগতে কয় যে বৰ্তমান উদ্ধাৰ অভিযানৰ সামৰণি পৰিছে আৰু আহত সকলক পশ্চিমবংগৰ বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।