গুৱাহাটীঃ পৰম্পৰা ৰক্ষা কৰি শনিবাৰে অসমীয়াই পালন কৰে গৰু বিহু৷ গৰুক মাহ-হালধি আৰু মিঠাতেলেৰে নোৱাই-ধুৱাই লাও, বেঙেনা, থেকেৰা, কেৰেলা আদিৰে গাত ছাট মাৰি মাখিয়তী–দীঘলতিৰে কোবাই নৈ, বিল, পুখুৰীত গা-ধুৱালে চহা খেতিয়কে৷ 

‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত৷’’ আপ্ত বাক্য শাৰী আওৰাই পৰম্পৰা ৰক্ষা কৰিলে অসমীয়াই৷ শনিবাৰে অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে অসমীয়াই গৰু বিহু পালন কৰি গো-সম্পদক সন্মান জনায়৷ 

তাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমীয়াক শুভেচ্ছা যাচিলে৷ অসমীয়াৰ বাবে শনিবাৰে পুৱাই টুইট কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে৷ টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়াক ৰঙালী বিহুৰ শুভেচ্ছা যাচে৷ অসমীয়াতে টুইট কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় ‘‘মোৰ অসমীয়া ভাই-ভনী সকললৈ বহাগ বিহুৰ শুভেচ্ছা যাঁচিছো।শক্তি আৰু উৎসাহৰ বৈশিষ্টৰে পৰিপূৰ্ণ এই উৎসৱে আমাৰ সমাজলৈ সুখ আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।’’