গুৱাহাটীঃ পৰম্পৰা ৰক্ষা কৰি শনিবাৰে অসমীয়াই পালন কৰে গৰু বিহু৷ গৰুক মাহ-হালধি আৰু মিঠাতেলেৰে নোৱাই-ধুৱাই লাও, বেঙেনা, থেকেৰা, কেৰেলা আদিৰে গাত ছাট মাৰি মাখিয়তী–দীঘলতিৰে কোবাই নৈ, বিল, পুখুৰীত গা-ধুৱালে চহা খেতিয়কে৷
‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত৷’’ আপ্ত বাক্য শাৰী আওৰাই পৰম্পৰা ৰক্ষা কৰিলে অসমীয়াই৷ শনিবাৰে অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে অসমীয়াই গৰু বিহু পালন কৰি গো-সম্পদক সন্মান জনায়৷