মস্কোঃ ৰাছিয়াৰ কাজান চহৰত অনুষ্ঠিত হৈ থকা ১৬সংখ্যক ব্ৰিকছ সন্মিলনৰ মাজতে আজি বৈঠকত মিলিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙ। বুধাবাৰে সন্মিলনৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হোৱা ৰুদ্ধদ্বাৰ পূৰ্ণাংগ বৈঠকৰ পিছতে দুয়োখন ৰাষ্ট্ৰৰ নেতাদুগৰাকীৰ মাজত অনুষ্ঠিত হয় দ্বিপাক্ষিক বৈঠক।
মোদীয়ে বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে এই বৈঠকত ৰাষ্ট্ৰ দুখনৰ দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা চলে। সমান্তৰালভাৱে শান্তি আৰু স্থিতিশীলতাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰি মোদীয়ে কয়, "এল এ চিৰ ওপৰত শান্তি আৰু স্থিতিশীলতা আমাৰ অগ্ৰাধিকাৰ। মই নিশ্চিত যে ভৱিষ্যতেও আমি মুকলি মনৰে আলোচনা কৰিম, আৰু আমাৰ আলোচনা গঠনমূলক হ'ব।"
প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয়, "আমি ৫ বছৰৰ পিছত আনুষ্ঠানিকভাৱে বৈঠকত মিলিত হৈছো। বিগত ৪ বছৰত সীমান্তত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি সহমতক আদৰণি জনাইছো। সীমান্তত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাটো আমাৰ অগ্ৰাধিকাৰ হ'ব লাগে।" একে সময়তে জিনপিঙে ভাৰত-চীনৰ স্বাভাৱিক সম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "দুয়োখন দেশে নিজৰ মতানৈক্য সঠিকভাৱে চম্ভালিব লাগে। ভাৰত আৰু চীনে ইজনে সিজনৰ সৈতে একেলগে কাম কৰি নিজৰ সম্পৰ্ক স্বাভাৱিক কৰিব লাগে। তেতিয়াহে দুয়োখন দেশে নিজৰ উন্নয়নৰ লক্ষ্যত উপনীত হ'ব পাৰিব।"
জিনপিঙে আলোচনা আৰু সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয়, “দুয়ো পক্ষৰ বাবে অধিক যোগাযোগ আৰু সহযোগিতা আগবঢ়োৱা, আমাৰ মতানৈক্য আৰু অসহমতসমূহ উপযুক্তভাৱে চম্ভালিব পৰাটো গুৰুত্বপূৰ্ণ, আৰু ইজনে সিজনৰ উন্নয়নৰ আকাংক্ষা পূৰণৰ সুবিধা প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ।”
উল্লেখ্য যে, ২০১৯ চনৰ পিছত এয়া হৈছে মোদী আৰু জিনপিঙৰ মাজত হোৱা প্ৰথম দ্বিপাক্ষিক বৈঠক। জিনপিঙৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে এক্স প্লেটফৰ্মত তেওঁলোকৰ বৈঠকৰ ছবি শ্বেয়াৰ কৰে। মোদীয়ে লিখিছে, "কাজানত চলি থকা ব্ৰিকছ সন্মিলনৰ আঁৰত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰো। ভাৰত আৰু চীনৰ মাজত সুসম্পৰ্ক আমাৰ বাবে গুৰুত্বপূৰ্ণ, যিবোৰ আঞ্চলিক আৰু বিশ্ব পৰ্যায়ত শান্তি আৰু স্থিতিশীলতাৰ বাবেও গুৰুত্বপূৰ্ণ। পাৰস্পৰিক আস্থা, সন্মান আৰু পাৰস্পৰিক সংবেদনশীলতাই আমাৰ দ্বিপাক্ষিক সম্পৰ্কক পথ প্ৰদৰ্শন কৰি থাকিব।”
ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ বিক্ৰম মিশ্ৰীয়ে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত কয় যে এই গুৰুত্বপূৰ্ণ বৈঠক ৫ বছৰৰ পিছত অনুষ্ঠিত হৈছে। দুয়োগৰাকী নেতাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ চুক্তিক আদৰণি জনায়। মিশ্ৰীয়ে কয় যে ভাৰত আৰু চীনৰ সমস্যা সমাধানৰ বাবে বিশেষ প্ৰতিনিধি নিযুক্তি দিয়া হৈছে। ভাৰতীয় পক্ষৰ পৰা এন এছ এ অজিত ডোভাল আৰু চীনৰ পৰা বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে এই বিষয়সমূহ সমাধান কৰিব আৰু দুয়োজনে অতি সোনকালে আনুষ্ঠানিক বৈঠকত মিলিত হ’ব।
২০২০ চনত গালৱান সংঘৰ্ষৰ পিছত উত্তেজনাপূৰ্ণ হৈ পৰিছিল দুয়োখন দেশৰ সম্পৰ্ক। প্ৰধানমন্ত্ৰী ৰাছিয়া ভ্ৰমণৰ পূৰ্বে এল এ চিৰ ওপৰত উত্তেজনা হ্ৰাস কৰিবলৈ দুয়োখন দেশে এক গুৰুত্বপূৰ্ণ চুক্তিত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ অধীনত ভাৰতীয় সেনাই পূব লাডাখৰ ২ পইণ্ট – দেপছাং আৰু ডেমচোকৰ পৰা পিছুৱাই যাব পাৰিব। ইয়াৰ লগে লগে ভাৰতীয় জোৱানসকলে এই স্থানসমূহত টহল দিব পাৰিব, যিটো বিবাদৰ বাবে আগতে সম্ভৱ নাছিল। এল এ চিৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে ২১ ৰাউণ্ডৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাও অনুষ্ঠিত হৈছে।