74
নগাঁওঃ নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক বহুকেইখন কাকতৰ প্ৰাক্তন উপ-সম্পাদক মোহন কাকতিৰ সোমবাৰে বিয়লি ৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷
জানিব পৰা মতে, সাংবাদিকগৰাকীয়ে দীৰ্ঘ সময় ধৰি ৰোগত আক্ৰান্ত হৈ আছিল৷ নগাঁও জিলাৰ ৰহা দীঘলদৰি কাকতিগাঁৱৰ বাসিন্দা প্ৰবীণ সাংবাদিক মোহন কাকতিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷