গুৱাহাটীঃ বহিৰাগত প্ৰতিষ্ঠানে সময়ে সময়ে অসমৰ শিক্ষিত যুৱক-যুৱতীক সংস্থাপন দিয়াৰ নামত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ কেতিয়াবা সংস্থাপন দি বিনা কাৰণত নিজ ইচ্ছামতে কামৰ পৰা উলিয়াই দিয়াৰো গুৰুতৰ অভিযোগ নথকা নহয়৷ শিক্ষিত নিবনুৱাক লৈ হেতালি খেলাই আহিছে বহুজাতিক কোম্পানীয়ে৷
এইবাৰ অসমৰ এগৰাকী শিক্ষিত যুৱকক অলা নামৰ প্ৰতিষ্ঠানটোৱে বিনা কাৰণত কামৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অলাৰ বাণিজ্য উন্নয়ন বিষয়া হিচাপে কৰ্মৰত মতিউৰ ৰহমান নামৰ যুৱকজনক হঠাৎ কামৰ পাৰ উলিয়াই দিয়ে৷