67
গুৱাহাটীঃ বিশ্ব নাৰী দিৱস উপলক্ষে শুকুৰবাৰে মৰিগাঁও জিলাৰ ভৈৰাগুড়ি গাঁৱত আন্তৰ্জাতিক মানৱাধিকাৰ তথা দুৰ্নীতি নিবাৰক সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও মহাবিদ্যালয় মহিলা মঞ্চৰ সহযোগত এক চকু চিকিৎসা শিবিৰৰ লগতে আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷
এই উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতি আই কেয়াৰৰ তৰফৰপৰা এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷ এই শিবিৰত প্ৰায় ডেৰ শতাধিক ৰোগীয়ে অংশ লয়৷