প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাহেকীয়া 'মন কী বাত' অনুষ্ঠানত দেশশবাসীক উদেশ্যি দিয়া ভাষণত বিমুদ্ৰাকৰণৰ সপক্ষে যুক্তি দাঙি ধৰাৰ লগতে ক'লাধন বিৰোধী যুঁজখনত এইবাৰ চৰকাৰে বেনামী সম্পত্তিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব বুলি ঘোষণা কৰে। ইফালে দশম আৰু দ্বাদশ শ্ৰেণীৰ আগন্তুক চুড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে এটা প্ৰফুল্লিত মনৰ ছাত্ৰইহে পৰীক্ষাত ভাল নম্বৰ গোটাবলৈ সক্ষম হয়। মানসিক চাপত থকাসকলৰ বাবে জ্ঞান আহৰণ কষ্টকৰ হয়। সাহসিকতাৰ বঁটা প্ৰাপক বীৰ ছহিদ জোৱানসকলক স্মৰণ কৰি প্ৰধান মন্ত্ৰী মোডীয়ে গান্ধীজীৰ মৃত্যুৰ দিনটোত কাইলৈ দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদসকলক স্মৰণ কৰি সমগ্ৰ দেশে দুই মিনিট মৌন প্ৰৰ্থনা কৰিব বুলি উল্লেখ কৰে। কাশ্মীৰৰ হিমস্খলনত নিহত জোৱানসকলৰ পৰিয়ালবৰ্গক প্ৰধান মন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰে।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।
29
Jan