বিৰিঞ্চি কুমাৰ বৰুৱা স্মৃতি ন্যাস আৰু শিশু নাট প্ৰতিষ্ঠান ‘অন্তৰংগ’ৰ উদ্যোগত অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব পুতলা নাচ কৰ্মশালা৷ উজান বজাৰৰ বৰুৱা ভৱনত অনুষ্ঠিত হ’ব এই কৰ্মশালা৷ বিশ্বৰ সকলো দেশতে সমাদৃত হেজাৰ বছৰৰ পুৰণি পুতলা নাট নৱ-প্ৰজন্মৰ মাজত প্ৰসাৰৰ উদ্দেশ্যে এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছে৷ এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে ভাগ ল’ব পশ্চিমবংগৰ পুতলা নাট শিল্পী পাৰ্থপ্ৰতিম পালে৷ কৰ্মশালাত অংশগ্ৰহণৰ বাবে ৯৮৬৪০-৭৩৯৯৯, ৯৪৩৫১-০০৯৯৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে৷