নগাঁওঃ অসমলৈ আহিল উত্তৰ ভাৰতৰ অশুভ পৰম্পৰা৷ উত্তৰ প্ৰদেশ, বিহাৰৰ আদি ৰাজ্যত মুজৰাত (নৃত্য) টকাৰ বাণ্ডিল দলিয়াই নিজকে সম্ভ্ৰান্ত বুলি চিনাকি দিয়ে একাংশ লোকে৷
এই পৰম্পৰা অসমত কাহানিও নাছিল৷ শিল্পীক আদৰ-সন্মান জনাব জনা অসমৰ মানুহে বিহু দল নতুবা সংগীত শিল্পীৰ সেৱা লৈ চৰণ চুই মাননি দিয়ে৷ যাক শিল্পীয়ে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে৷ তাৰ বিপৰীতে কিছুদিন ধৰি অসমত বিহুৰ মঞ্চত শিল্পীৰ গালৈ নোট দলিয়াই অশুভ পৰম্পৰা আৰম্ভ কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷