কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডক লৈ অাজি এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ প্ৰতিনিধিৰ লগত নতুন দিল্লীত ৰাজ্য অাৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে এক ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনা অনুষ্ঠিত হয়। গৃহ মন্ত্ৰণালয়ৰ বিশেষ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত অালোচনাকালত গৃহমন্ত্ৰী ৰাজনাথ সিঙে বড়োলেণ্ড সমস্যাটো সমাধানৰ বাবে ত্ৰিপাক্ষিক অালোচনা অব্যাহত থাকিব বুলি মন্তব্য কৰে।
উক্ত ত্ৰিপাক্ষিক বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যৰ মুখ্য সচিব উপস্থিত অাছিল যদিও মুখ্যমন্ত্ৰীয়ে বিশেষ কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। উক্ত বৈঠকতে এবছু, এনডিএফবি(প্ৰ) অাৰু পিজেএচিবিএমে যৌথভাৱে তিনিদফীয়া দাবীৰ সমৰ্থনত গৃহমন্ত্ৰী ৰাজনাথ সিঙক এক স্মাৰকপত্ৰও প্ৰদান কৰে।