মঙলদৈঃ দৰং জিলাত বাল্য বিবাহ ৰোধ কৰাৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে উপায়ুক্ত ঘনশ্যাম দাসে। এই উপলক্ষে বুধবাৰে উপায়ুক্তৰ কাযালয়ৰ সভাকক্ষত এই সম্পৰ্কত অনুষ্ঠিত হয় এখন সজাগতা সভা।
উপায়ুক্ত ঘনশ্যাম দাসৰ সভাপতিত্বত তথা জিলাখনৰ আৰক্ষী থানাৰ বিষয়া, সমাজ কল্যান বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী, নটাৰী আৰু চৰাঞ্চলৰ কাজীসকল উপস্থিত থকা সজাগতা সভাখনত অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তী উপস্থিত থাকি বাল্য বিবাহৰ ক্ষেত্ৰত আইনী শাস্তি তথা অপৰাধৰ ওপৰত বিতংভাৱে বাখ্যা আগবঢ়ায়।