প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট
প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট

গুৱাহাটীঃ বংগ উপত্যাকাৰ পূৱ দিশত বায়ুমণ্ডলত সৃষ্টি হোৱা অত্যাধিক চাপে সৃষ্টি কৰা ম’ৰা নামৰ ঘূৰ্ণী বতাহৰ কবলত পৰিব অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল।

বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ মতে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই সন্মুখীন হ’ব প্ৰৱল ধুমুহা আৰু বৰষুণৰ।   

বিভাগৰ তথ্য অনুযায়ী নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাকে ধৰি অসম আৰু মেঘালয়ত ধাৰাসাৰ বৃষ্টিপাত হ’ব পাৰে। অৰুণাচল প্ৰদেশৰ কিছুমান অঞ্চলতো বৰষুণ স্বাভাৱিকতকৈ বেছি হ’ব পাৰে বুলি বিভাগটোৱে আশংকা প্ৰকাশ কৰিছে।

তদুপৰি অসমৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ কথা পৃথককৈ উল্লেখ কৰি সতৰ্ক থাকিবলৈ পৰামৰ্শ দিছে বতৰ বিজ্ঞান বিভাগে।

বিশেষকৈ ১ জুনলৈকে অৰুণাচল প্ৰদেশত এই অৱস্থা বাহাল থাকিব পাৰে বুলি বিভাগে জানিবলৈ দিছে।

বতাহৰ গতিবেগ ৩০ ৰপৰা ৪০ কি.মি. প্ৰতিঘণ্টা হোৱাৰ লগতে ঠায়ে ঠায়ে এই বেগ ৬৫ কি.মি. প্ৰতিঘণ্টা হ’ব পাৰে বুলি বিভাগে উল্লেখ কৰিছে। ঠাই বিশেষে বতাহৰ বেগ ইয়াতকৈও বেছি হ’ব পাৰে বুলি আশংকা কৰা হৈছে।