হোজাই/মোৰাঝাৰঃ চৰকাৰ যাৰেই নহওঁক কিয় লগত আছে ছেবা ৷ আৰু ছেবা মানেই যেন কেৱল বিতৰ্ক।কেতিয়াবা যদি গৰুৱে উত্তৰ বহী ভক্ষণ কৰে, আকৌ কেতিয়াবা জ্বলি ছাঁই হয় প্ৰশ্ন কাকত, কেতিয়াবা আকৌ পৰীক্ষাৰ্থীয়ে নাপায় প্ৰৱেশ পত্ৰ !!! এইবাৰো ব্যতিক্ৰম নহ’ল এনে বেমেজালিৰ।
সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা আছিল যদিও গণিতৰ সলনি আহে অন্য বিষয়ৰ প্ৰশ্ন কাকত। এই ঘটনা হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (কেন্দ্র নং B17-628)। জানিব পৰা মতে কেন্দ্ৰটোত গণিতৰ প্ৰশ্ন কাকত পৰীক্ষাৰ্থীক দিবলৈ লোৱাৰ সময়ত শিক্ষকসকলে টোপোলা খুলি প্ৰত্যক্ষ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত ৷