newsnextone.com | বিলাসীপাৰাঃ আধুনিক সাজ পোছাক পিন্ধিলেই মানুহ আধুনিক নহয়৷ এলান্ধু বৰণীয়া মন লৈ এচাম লোকে নিজকে আধুনিক বুলি পৰিচয় দিয় দেখা যায়৷ শিক্ষাই মানুহৰ যিমানেই উন্নতি সাধন কৰিছে, সিমানেই যেন নোহোৱা হৈ গৈছে মানুহৰ মনৰ মানৱতা, উচিত অনুচিতৰ বিচাৰ৷ এতিয়াৰ মানুহ অমানুহ বুলি কোৱা প্ৰায়ে শুনিবলৈ পোৱা যায়৷ 

কিছুদিন পূৰ্বে কাৰ্বি আংলঙৰ পাণজুৰিত এজাক অমানুহৰ প্ৰহাৰত নীল-অভিৰ দৰে দুজন প্ৰতিভাৱান চফল যুৱকে প্ৰাণ হেৰুৱাইছিল৷ এই ঘটনাই সমগ্ৰ অসমৰ মানৱ জাতিক লজ্জানত কৰাৰ লগতে তেনে পৈশাচিক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছিল অসমীয়াই৷ 

কাৰ্বি আংলঙৰ সেই বৰ্বৰ ঘটনাই মানুহৰ মনৰ পৰা ক্ষোভৰ জুইকুৰা আৰু শোকৰ জুইকুৰা নুমুৱাবলৈ সক্ষম নৌহওতেই বিগত কিছুদিনত আৰু এনে জঘন্য কাণ্ড সংঘটিত হোৱাৰ খবৰ সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়া যোগে প্ৰচাৰ হৈ আহিছে৷ 

দেওবাৰে পুনৰ এনে এটি কাণ্ড সংঘটিত হয় বিলাসীপাৰাত৷ ধুবুৰী জিলাৰ পশুৱাৰখালত পুৰুষ-মহিলাক মৰেল পুলিচে ওৰে নিশা বান্ধি লৈ বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ পৰকীয়া প্ৰেম কৰাৰ অভিযোগ উত্থাপন কৰি পুৰুষ-মহিলাক অত্যাচাৰ চলায়। পুৰুষ-মহিলাক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে একাংশ লোকে৷ চি আৰ পি এফ মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়৷ ইতিমধ্যে আৰক্ষীয়ে ৯ জন লোকক ঘটনাৰ সৈতে জৰিত থকাৰ সন্দেহত আটক কৰে৷ 

জানিব পৰা মতে, বিলাসীপাৰাৰ পশুৱাৰখালত দেওবাৰে নিশা অসংযত অৱস্থাত এহাল পুৰুষ-মহিলা উদ্ধাৰ হোৱাৰ প্ৰচাৰ হোৱাত সমবেত হয় কেইবাশতাধিক লোক।

তাৰ পাছতে একাংশ লোকে পুৰুষ-মহিলাক হাত ভৰি বান্ধি চলায় অত্যাচাৰ। পুৱাই এই খবৰ লাভ কৰি বিলাসীপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ যোৱাত আৰক্ষীৰ বাহনত আক্রমণ কৰে উত্তেজিত ৰাইজে। বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এদল আৰক্ষী আৰু চি আৰ পি এফ জোৱানেহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৯ জনক লোকক আটক কৰি থানালৈ লৈ আহে আৰু পুৰুষ-মহিলাক উদ্ধাৰ কৰি চিকিৎসা কৰে।