newsnextine.com | গুৱাহাটীঃ অসম সন্মিলত মহাসংঘই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ তৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ত চলি থকা ৪টা গোচৰ ৩ বছৰ ৬ মাহ ধৰি সাংবিধানিক বিচাৰপীঠত পৰি ৰৈছে বুলি অভিযোগ উত্থাপন কৰিছিল অসম সন্মিলত মহাসংঘই। যোৱা ৯ জুলাইত এখন সংবাদ মেল অনুষ্ঠিত কৰি মহাসংঘই যোৱা ৫ ফেব্ৰুৱাৰীত দাখিল কৰা ১১৪৭০৮ নং হস্তক্ষেপ অবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই শীঘ্ৰে সাংবিধানিক বিচাৰপীঠ গঠন কৰিব বুলি ৰায় দিছিল বুলি কৈছিল।
কিন্তু যোৱা ২ মাহ ধৰি বিচাৰপীঠ গঠন নোহোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি মহাসংঘৰ নেতাগৰাকীয়ে ন্যায়ালয়ৰ প্ৰতি খিলঞ্জীয়া জনগণৰ মোহ ভংগ হোৱাৰ উপক্ৰম হৈছে বুলি কয়। ন্যায় ব্যৱস্থাত ৰাজনৈতিক হস্তক্ষেপ হোৱাৰ বাবেই সাংবিধানিক বিচাৰপীঠ গঠন তথা শুনানি হোৱা নাই বুলি সন্দেহ ব্যক্ত কৰি এয়া দেশৰ বাবে অশুভ ইংগিত বুলি কয়।