92
মৰিয়নীঃ বিভিন্ন আন্দোলন-প্ৰতিবাদেৰে ৰাইজৰ সমস্যা চৰকাৰৰ আগত দাঙি ধৰা অখিল গগৈক সততে দেখা যায় কান্ধত এটা কাপোৰৰ মোনা লৈ ৰাজপথত প্ৰতিবাদৰ নেতৃত্ব দিয়া অৱস্থাত। এয়াই তেওঁৰ পৰিচিত দৃশ্য।
কিন্ত মঙলবাৰে গগৈৰ এক বিপৰীত ছবি দেখা গ’ল। মৰিয়নীৰ চেলেংহাটৰ লুখুৰাখনৰ বাসগৃহত অকলশৰে বাস কৰা মাতৃ প্ৰিয়দা গগৈক পথাৰৰ কামত সহায় কৰাৰ বাবে তেওঁ নিজ গৃহত উপস্থিত হোৱা দেখা গ’ল৷