জয়ন্ত মুদৈ,নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত থকা বিল-জলাশয়, নদ-নদী আদিত শীতৰ আগমনৰ লগে লগে বিশেষকৈ অক্টোবৰ মাহৰ শেষৰপৰা দেশী-বিদেশী নানান প্ৰজাতিৰ পক্ষীৰ আগমন ঘটে।
বিশেষকৈ শৰালি হাঁহ, ঘিলা হাঁহ, ঢেকৰ, কাম চৰাই, শামুকভঙা, হাড়গিলা, বগলী, কণামুছৰি, পানী কাউৰী, দেও ৰাজহাঁহ, ধৃতৰাজ আদিৰ উপৰিও সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ নিউজিলেণ্ড, ছাইবেৰীয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া আদিৰপৰাও বহু প্ৰজাতিৰ পক্ষী আহি এই বিল-জলাশয়বোৰত বিচৰণ কৰা দেখা যায়।