নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমীয়া, বালিসত্ৰ, সৰুহিচা, বৰহিছা, ভেটিয়নী, ভোমোৰাগুৰি আদি গাঁৱত নিতৌ সংঘটিত হৈ থকা গৰু চুৰিৰ ঘটনাৰ বাবে নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ।
গৰু চোৰৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পাইছে যে গঞা ৰাইজে গোহালিত গৰু ৰাখিব নোৱাৰি বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। বিগত বছৰটোৰপৰা বৰ্তমানলৈকে এই গাঁও কেইখনৰপৰা প্ৰায় শতাধিক গৰু চুৰি হৈছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাৰ বাবে ৰাইজ নিৰুপায় হৈ পৰিছে।