119
মৰিগাঁওঃ টাটা বিল্ডিং ইণ্ডিয়াই সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ চৰাইবাহী জাতীয় বিদ্যালয়ৰ ছাত্ৰী দীপশিখা দেৱীয়ে শীৰ্ষ স্থান লাভ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
চৰাইবাহীৰ বৰভগীয়াৰ গুৰুচৰন নাথ আৰু মৰমী দেৱীৰ কন্যা দীপশিখা দেৱীৰ সাফল্যত চৰাইবাহীৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ দল-সংগঠনৰ মাজত বিৰাজ কৰিছে আনন্দৰ উল্লাস।