জিতুমনি নাথ, মৰিগাঁওঃ সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলাতো অহা ২৩ মে'ত অনুষ্ঠিত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া যাতে সুস্থ আৰু শান্তিপূৰ্ণ হয়, তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে।

শনিবাৰে এই সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত কৰে এখন সংবাদমেল। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সংবাদমেলত উপায়ুক্ত বৰাই ভোট গণনা প্ৰক্ৰিয়াটো সুস্থ আৰু শান্তিপূৰ্ণ হয় তাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে। 

উপায়ুক্ত বৰাই কয়, মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে মৰিগাঁও মহাবিদ্যালয়ত পুৱা ৮ বজাত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। প্ৰতিটো ৰাউণ্ডত ১৪ খনকৈ টেবুলৰ জৰিয়তে ভোট গণনা কৰা হ’ব।

ইয়াৰে জাগীৰোড বিধানসভা সমষ্টিৰ ৩১৬ টা ভোটগ্ৰহণ কেন্দ্রৰ বাবে ২৩ টা ৰাউণ্ড, মৰিগাঁও বিধানসভা সমষ্টিৰ ২৫৬ টা ভোটগ্ৰহণ কেন্দ্রৰ বাবে ১৯ টা ৰাউণ্ড আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ ২৪০ টা ভোটগ্ৰহণ কেন্দ্রৰ বাবে ১৮ টা ৰাউণ্ডৰ জৰিয়তে ফলাফলসমূহ ঘোষণা কৰা হ’ব।

তদুপৰি প্ৰতিটো বিধানসভা সমষ্টিত ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত ৫ টা ভোটগ্ৰহণ কেন্দ্রৰ ভিভি পেটসমূহ গণনা কৰা হ’ব। সাধাৰণ নাগৰিকৰ মনৰ সন্দেহ আঁতৰাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা ভিভি পেটসমূহ গণনা বাবে লটাৰিৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব ভোট গ্ৰহণ কেন্দ্রসমূহ।

ইফালে ভোট গণনা প্ৰক্ৰিয়াত কাউণ্টিং চুপাৰভাইজাৰ ১১১ জন, কাউন্টিং এছিষ্টেন্ট ১১৯ জন আৰু মাইক্ৰ অবজাভাৰ ১০৯ জন নিয়োগ কৰা হ’ব বুলি উল্লেখ কৰে। তদুপৰি ভোট গণনাৰ ফলাফলসমূহ ইন্টাৰনেটৰ "সুবিধা" নামৰ এপছ'ৰ জৰিয়তে উপলব্ধ হ’ব বুলিও তেওঁ অৱগত কৰে।

আনহাতে নিৰাপত্তাৰ ক্ষেত্রত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয়, নিৰাপত্তাৰ ক্ষেত্রত কিছু নীতি-নিয়ম বান্ধি দিয়া হৈছে। তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে ভোট গণনা কেন্দ্রত প্ৰৱেশ কৰিব পাৰিব। 

অনুমতি পত্ৰ অবিহনে কোনো লোক ভোট গণনা কেন্দ্রত প্ৰৱেশ কৰিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰে। ইফালে মৰিগাঁও জিলা আবকাৰী বিষয়া মুছাৰব হুছেইনে কয় ২৩ মে’ অৰ্থাৎ ভোট গণনাৰ দিনা দিনৰ ১১ বজাৰপৰা ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ নুঠা পৰ্যন্ত ড্ৰাই ডে’ পালন কৰিব লাগিব সুৰা ব্যৱসায়ীসকলে। 

সংবাদমেলত অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান, অৰূপ পাঠক, নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাস, মৰিগাঁও ৰাজহ চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতী, জিলা তথ্য সূচনা বিষয়া মনিকা পাঠককে আদি কৰি জিলা প্ৰশাসনৰ বহু কেইজন বিষয়াই অংশগ্ৰহণ কৰে।