জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি-কাষৰীয়া অঞ্চল জামুগুৰিত শনিবাৰে সমূহীয়া উপনয়ন আৰু বিবাহ উৎসৱ উদযাপন কৰা হয়৷ 

পূব জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত মন্দিৰ প্ৰাংগণত ওলহ-মালহেৰে পালন কৰা হয় এই পৰম্পৰাগত বিবাহ উৎসৱ৷

এই মৰ্মে, পুৱাৰেপৰা বৃহত্তৰ জামুগুৰি অঞ্চলত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ বিপৰীতে ৰাইজৰ মংগল ধ্বনি, পূজাৰীৰ মন্ত্ৰোচ্চাৰণ তথা আয়তীৰ উৰুলি আৰু জাউৰীয়ে জাউৰীয়ে পৰিৱেশিত বিয়া নামৰ অমিয়া সুৰে মন্দিৰ চৌহদৰ আকাশ-বতাহ মুখৰিত কৰি তোলে৷

এই পৰম্পৰাগত বিবাহ উৎসৱত দহগৰাকী বিবাহ উপযুক্ত যুৱক আৰু যুৱতীয়ে অংশগ্ৰহণ কৰে আৰু এইসকল নাথ-যোগী সম্প্ৰদায়ৰ দৰা-কইনাৰ পৰম্পৰা অটুট ৰাখি বৈদিক পদ্ধতিৰে বিবাহ কাৰ্য সম্পাদন কৰাৰ বিপৰীতে ছয়জন যুৱকৰ উপনয়ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

উল্লেখ্য, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা একাংশ লোকে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আনুষ্ঠানিকভাৱে বিবাহ কাৰ্য সম্পন্ন নকৰাকৈ যুগ্ম জীৱন যাপন কৰি আহিছিল৷ সেয়েহে যিসকল লোকে আৰ্থিক দুৰাৱস্থা তথা বিভিন্ন কাৰণত বিয়াখন পাতিব পৰা নাছিল বা বিবাহৰ পূৰ্বে উপনয়ন কাৰ্য সম্পন্ন কৰা নাছিল, সেইসকল লোকক সামাজিক নীতি-নিয়মৰ মাজেৰে উপনয়ন কৰোৱা আৰু বিয়া পাতি দিয়াৰ উদ্দেশ্যেই এই সামূহিক উপনয়ন আৰু বিবাহ উৎসৱ অনুষ্ঠিত কৰে বৃহত্তৰ জামুগুৰিবাসী ৰাইজে।