মৰিগাঁওঃ মৰিগাঁৱৰ চাৰণ বিলৰ কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত চাৰণ বিলত দেওবাৰৰেপৰা দুদিনীয়াকৈ আন্তঃজিলা কেনয়িং আৰু কায়াকিঙ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। মৰিগাঁৱৰ চাৰণবিলৰ অনুষ্ঠিত হোৱা আন্তঃজিলা জলক্ৰীড়া প্ৰতিযোগিতত অসমৰ বিভিন্ন জিলাৰ ৩৭ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ জৰিয়তে বিগত সময়ত প্ৰশিক্ষণ কেন্দ্ৰটোৰপৰা ওলাই গৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হোৱা বহু খেলুৱৈয়ে প্ৰতিযোগিতাখনত সহযোগিতা আগবঢ়াই ইয়াক অধিক উন্নত মানৰ কৰি তুলিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়৷