♦ অসমৰ বিভিন্ন প্ৰান্তৰ ৩৭ জন প্ৰতিযোগীৰ অংশগ্ৰহণ 

মৰিগাঁওঃ মৰিগাঁৱৰ চাৰণ বিলৰ কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত চাৰণ বিলত দেওবাৰৰেপৰা দুদিনীয়াকৈ আন্তঃজিলা কেনয়িং আৰু কায়াকিঙ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। মৰিগাঁৱৰ চাৰণবিলৰ অনুষ্ঠিত হোৱা আন্তঃজিলা জলক্ৰীড়া প্ৰতিযোগিতত অসমৰ বিভিন্ন জিলাৰ ৩৭ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ জৰিয়তে বিগত সময়ত প্ৰশিক্ষণ কেন্দ্ৰটোৰপৰা ওলাই গৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হোৱা বহু খেলুৱৈয়ে প্ৰতিযোগিতাখনত সহযোগিতা আগবঢ়াই ইয়াক অধিক উন্নত মানৰ কৰি তুলিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়৷

২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত জলক্ৰীড়া অনুষ্ঠিত কৰি আৰম্ভ কৰা জলক্ৰীড়াৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰপৰা ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত বহু খেলুৱৈ বিভিন্ন শিতানত খিতাপ দখল  কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি পৱন মান্তাই প্ৰশিক্ষণ কেন্দ্ৰটো আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। 

তেওঁ কয় যে ২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাছৰত চাৰণ বিলৰ এই জলক্ৰীড়াৰ কেন্দ্ৰৰটোত এইয়া প্ৰথম প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বাবে উপস্থিত দৰ্শক তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে আৰু বহু প্ৰতিভাৱান খেলুৱৈ জন্ম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভূৰবন্ধা জিলা পৰিষদৰ সদস্য তথা অধিবক্তা পৱিত্ৰ বৰা, সমাজ কৰ্মী ৰাজু শৰ্মাকে আদি কৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।