47
জিতুমনি নাথ, মৰিগাঁওঃ আগন্তক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এণ্টি গ্লোৱেল ৱাৰ্মিং ছ’চাইটিয়ে মঙলবাৰৰেপৰা পষেকজোৰা এক বিস্তৃত কাৰ্যসূচীৰ আৰম্ভ কৰিছে।
এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসন, অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখা, মৰিগাঁও লায়েন্স ক্লাব আৰু এণ্টি গ্লোৱেল ৱাৰ্মিং ছ’চাইটিৰ যৌথ উদ্যোগত আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত চাফাই অভিযানৰ এক কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়।