গুৱাহাটীঃ অৱশেষত ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। 

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক মনোনয়ন-পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপ সভাপতি অতুল বৰা, বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস প্ৰমুখ্যে অগপ-বিজেপিৰ কেইবাগৰাকীও বিধায়কে।

উল্লেখ যে অহা ৭ জুনত অনুষ্ঠিত হ’ব লগা ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে মঙলবাৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন আছিল।

কিন্তু বিজেপি-অগপৰ প্ৰাৰ্থী দুগৰাকীৰ বাহিৰে ৰাজ্যসভাৰ আসন দুখনৰ বাবে বিৰোধীয়ে প্ৰদান নকৰিলে মনোনয়ন-পত্ৰ। ফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে অগপ আৰু বিজেপি প্ৰাৰ্থী দুগৰাকী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত হ’ল।
এতিয়া কেৱল বাকী অনুষ্ঠানিক ঘোষণাৰ।

উল্লেখ যে অহা ৯ জুনত অন্ত পৰিব ৰাজ্যসভাৰ অসমৰ দুই সদস্য মনমোহন সিং আৰু শান্তিয়াজ কুযোৰৰ কাৰ্যকাল।