মৰিগাঁওঃ মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি ৰখাৰ মাজতে দেওবাৰে অধিৱেশনস্থলীত হৰি নাম ধ্বনিয়ে মুখৰিত হৈ পৰে।
মূলত অধিৱেশনস্থলীত নামঘৰ স্থাপন কৰি প্ৰতিষ্ঠা কৰে গুৰু আসন। এক আধ্যাত্মিক আৰু ধৰ্মীয় ৰিতি-নীতিয়ে হৰি নাম ধ্বনিয়ে গুৰু আসন প্ৰতিস্থা কৰে শৰণ আচাৰ্য পুৰণ ডেকাই। এই হৰি ধ্বনি মাজতে মৰিগাঁও জিলাৰ লাহৰীঘাট, মৈৰাবাৰী, গৰৈমাৰি, নগাবন্ধা আদি সংখ্যালঘু অধ্যুষিত অঞ্চলৰপৰা তিনি শতাধিক মুছলমান ধৰ্মীয় লোক আহি অধিৱেশনস্থলীত নৰা কটা কামত নিয়োজিত হৈ এক সমন্বয়ৰ নিদৰ্শন দাঙি ধৰে।