♦ ভূৱা প্ৰমাণ-পত্ৰ আৰু মাৰ্কশ্বিট দাখিলেৰে নম্বৰ বৃদ্ধি কৰাৰ কৌশল 

মৰিগাঁওঃ সমগ্ৰ ৰাজ্যজুৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৯ হাজাৰতকৈ অধিক শিক্ষক পদৰ বাবে চলি থকা পুনৰীক্ষণ প্ৰক্ৰিয়াত একাংশ প্ৰাৰ্থীয়ে ব্যাপক অনিয়ম আশ্ৰয় লোৱা বুলি এক গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি কৰ্মৰত টেট শিক্ষকসকলক নম্বৰৰ ভিত্তিত নিয়মীয়া শিক্ষক পদৰ বাবে চলি থকা নিযুক্তিৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত একাংশ প্ৰাৰ্থীয়ে নিজৰ নম্বৰ বৃদ্ধি কৰি নিয়মীয়া শিক্ষক পদত  নিযুক্তি লাভৰ বাবে অৱলম্বন কৰিছে এক অসৎ পন্থা।

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষক পদৰ নিযুক্তিৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত একাংশ প্ৰাৰ্থীয়ে বহিঃৰাজ্য শিক্ষানুষ্ঠানৰ প্ৰমান-পত্ৰ আৰু মাৰ্কশ্বিট দাখিল কৰাৰ বিপৰীতে, আন একাংশই আকৌ দাখিল কৰিছে ১৫-২০ ব্যৱধানত দিয়া বেটাৰমেনৰ প্ৰমাণ-পত্ৰ আৰু মাৰ্কশ্বিট। 

ইয়াৰ মাজতে আকৌ একাংশ প্ৰাৰ্থীয়ে দেখুৱাইছে পূৰ্বৰ পৰীক্ষাৰ লগত কোনো মিল নথকা বিষয়ত বেটাৰমেন দিয়া প্ৰমাণ-পত্ৰ আৰু মাৰ্কশ্বিট। এক মাত্ৰ নিযুক্তি লাভৰ বাবেই এই সকল শিক্ষক পদৰ প্ৰাৰ্থীয়ে গ্ৰহণ কৰা এই কাণ্ডই সকলোকে হতভম্ব কৰি তুলিছে। 

ইতিমধ্যে নিয়মীয়া শিক্ষক পদৰ বাবে বুধবাৰে অন্ত পৰা প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে গ্ৰহণ কৰা এই অসৎ পন্থাৰ ব্যৱস্থাৰ মাজেৰে ৰাজ্যৰ শিক্ষা বিভাগে নিয়মীয়া শিক্ষক পদৰ নিযুক্তি তালিকা প্ৰস্তত কৰে তেতিয়া হ’লে বহু যোগ্য শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত হৈ পৰা সম্ভাৱনাই অধিক।

তদুপৰি বহিঃৰাজ্যৰপৰা শিক্ষাৰ প্ৰমাণ-পত্ৰ আৰু মাৰ্কশ্বিট গ্ৰহণ কৰি পুনৰীক্ষণ প্ৰক্ৰিয়াত দাখিল কৰা এই টেট শিক্ষকসকলে নিজৰ বিদ্যালয়ত কৰ্মৰত হৈ কেতিয়া বহিঃৰাজ্যত গৈ শিক্ষা গ্ৰহণ কৰিলে সেইয়া বৰ্তমানে এক বৃহৎ প্ৰশ্ন সৃষ্টি কৰিছে। 

ইফালে ২০১২ চনত নিযুক্তি প্ৰাপ্ত টেট শিক্ষকৰ অধিকাংশ শিক্ষকৰে পদ বৰ্তমানেও ৰাজ্যৰ শিক্ষা বিভাগে নিয়মীয়াকৰণ নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক আখ্যা দিছে ৰাজ্যৰ টেট শিক্ষকসকলে। বৰ্তমানে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষক পদৰ বাবে চলি থকা পুনৰীক্ষণ প্ৰক্ৰিয়াটো শুদ্ধ আৰু সঠিকভাৱে পৰিচালনা কৰি যোগ্য শিক্ষক প্ৰাৰ্থীক নিযুক্তি দিবলৈ  ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৰাজ্যৰ টেট শিক্ষক আৰু বৌদ্ধিক সমাজে।