নগাঁওঃ বুধবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ ৷ অহা ৭ আগষ্টলৈকে চলিব লগা বিশ্ব স্তনপান সপ্তাহ উপলক্ষে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অন্তৰ্গত বাৰপূজীয়া প্ৰাথমিক কেন্দ্ৰই স্থানীয় সৰাগাঁৱত অনুষ্ঠিত কৰা স্তনপান সপ্তাহৰ সজাগতা সভা।
বিশ্ব স্তনপান সপ্তাহৰ কাৰ্যসূচীত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ অতুল চন্দ্ৰ পাটৰ, জিলা টিকাকৰণ বিষয়া ডা০ জয়ন্ত কুমাৰ দাস আৰু মহকুমা স্বাস্থ্য বিষয়া তথা বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুৰব্বী চিকিৎসক ডা০ লক্ষীধৰ দাসে অংশ গ্ৰহণ কৰে৷