গুৱাহাটীঃ অসমীয়া যুৱকে বাইক ভাৰাত দি এতিয়াৰে পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ যদি আপোনাৰ বাইক আছে তেনে চাৰিচকীয়া বাহন অলা উৱেৰত দিয়াৰ দৰে পৰ্যটকক ঘূৰিবলৈ দিব পাৰিব আৰু বিনিময়ত উপাৰ্জন কৰিব পাৰিব ধন৷

বাইকেৰে ধন ঘটাৰ এই সুযোগ প্ৰদান কৰিব আহিজা নামৰ এটি এপছে। গুৱাহাটী প্ৰেছ ক্লাৱত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই এপটো। ৰাজ্যৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে দেশ-বিদেশৰ পৰ্য্যটকৰ সুবিধাৰ বাবে মুকলি কৰে আহিজা (Ahija) নামৰ এপটো।

বিভিন্ন সময়ত সঠিক তথ্য নথকাৰ বাবে পৰ্যটকসকলে ঠাই পৰিভ্ৰমণ কৰাৰ ক্ষেত্ৰত অসুধিবাৰ সন্মুখীন হ'বলগীয়া হয়। তেনে অসুবিধাৰ পৰা পৰ্যটকসকলক ৰক্ষা কৰি এক সঠিক অাৰু সুচাৰুৰূপে ভ্ৰমণৰ সুবিধা দিয়াৰ উদ্দেশ্যে এই এপটো মুকলি কৰিছে উই আৰ নৰ্থইষ্ট শীৰ্ষক সংস্থাটোৱে। 

উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইৰ সম্ভেদ থাকিব এই এপটোত৷ পৰ্যটকসকলে এই এপৰ জৰিয়তে যাতায়াতৰ সুবিধা লাভ কৰিব৷ পৰ্যটকসকলে ভ্ৰমণ কৰিব বিচৰা প্ৰতিখন ঠাইৰ সকলো তথ্য এই এপত উল্লেখ থাকিব।

বিশেষভাৱে দুচকীয়া বাহন ভাড়া লৈ ভ্ৰমণৰ সুবিধাও ল'ব পাৰিব পৰ্যটকসকলে। অাজি গুৱাহাটী প্ৰেছ ক্লাবত এই এপটো মুকলি কৰে অনুষ্ঠানটোৰ মূখ্য উপদেষ্টা নুৰুল ইছলাম লস্কৰে। অনুষ্ঠানটোৰ মূখ্য কাৰ্য্যবাহী বিষয়া উপকুল তালুকদাৰে কোনো লোকে এই এপত নিজৰ দুচকীয়া বাহন ভাৰালৈ দি অৰ্থ উপাৰ্জন কৰিব পাৰিব বুলি কৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।