54
গুৱাহাটীঃ অসমীয়া যুৱকে বাইক ভাৰাত দি এতিয়াৰে পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ যদি আপোনাৰ বাইক আছে তেনে চাৰিচকীয়া বাহন অলা উৱেৰত দিয়াৰ দৰে পৰ্যটকক ঘূৰিবলৈ দিব পাৰিব আৰু বিনিময়ত উপাৰ্জন কৰিব পাৰিব ধন৷
বাইকেৰে ধন ঘটাৰ এই সুযোগ প্ৰদান কৰিব আহিজা নামৰ এটি এপছে। গুৱাহাটী প্ৰেছ ক্লাৱত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই এপটো। ৰাজ্যৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে দেশ-বিদেশৰ পৰ্য্যটকৰ সুবিধাৰ বাবে মুকলি কৰে আহিজা (Ahija) নামৰ এপটো।