ভূপালঃ কৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ সময়তে এইবাৰ আন এক সমস্যাত পৰিছে মধ্যপ্ৰদেশৰ মগু খেতিয়কসকল। দেশৰ খাদ্য সুৰক্ষালৈ ভাবুকি কঢ়িয়াই আনি কৰ’না মহামাৰীৰ মাজতে ৰাজ্যখনৰ হাজাৰ হাজাৰ হেক্টৰ মাটিত কৰা মগু খেতিৰ ওপৰত জপিয়াই পৰিছে ফৰিং।
ৰাজ্যখনৰ কৃষি বিভাগে জনোৱা মতে যোৱা ২৭ বছৰৰ মূৰত এনেদৰে ফৰিঙৰ আক্ৰমণৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জানিব পৰা মতে জাক জাক ফৰিং মালৱা নিমাড় হৈ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিধানসভা সমষ্টিৰ কৃষি পথাৰসমূহতো ভৰি পৰিছে। ৰেহটি অঞ্চলত ফৰিঙৰ জাকৰ আক্ৰমণ ইমানেই ভয়াৱহ হৈ পৰিছে যে কৃষকসকলে মূৰে-কপালে হাত দি সময় পাৰ কৰিছে।