newsnextone.com | নগাঁওঃ সোমবাৰে দিনৰ ১ মান বজাত নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত জেঙনী কলাডুবা গাঁও পঞ্চায়তৰ চুইচ গেইটত সাংসদ পুঁজিৰ অধীনত জেঙনী কলাডুবা, জাৰামাৰী লাংগীয়া, বৰালীমাৰী ফুৰহানীআটী গাঁও পঞ্চায়তৰ ৰাইজৰ সুবিধাৰ্থে তিনিখন নাও চলাচলৰ শুভাৰম্ভ কৰে কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে৷
তিনিখন নাও চলাচলৰ শুভাৰম্ভ কৰি তেও কয় যে এন আৰ চিক লৈ কোনো ভাৰতীয় নাগৰিক শংকিত হোৱাৰ কাৰণ নাই।যদিহে কোনো ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰে সেয়া লৈ চিন্তাৰ কোনো কাৰণ নাই। কংগ্ৰেছ দলে দুখীয়া ৰাইজৰ সুবিধাৰ্থে প্ৰতিখন পঞ্চায়ততে একোখন কৈ সেৱা কেন্দ্ৰৰ স্থাপন কৰি এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ সহায় কৰি যাব।