ডিজিটেল ডেক্সঃ মধ্য প্ৰদেশৰ বিন্ধ জিলাত ডাম্পাৰৰ খুন্দাত এজন সাংবাদিকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে সংঘটিত ঘটনাটোত এখন খালী ডাম্পাৰে সন্দীপ শৰ্মা নামৰ সাংবাদিকজনক মহতিয়াই নিয়াত তেওঁৰ থিতাতে মৃত্যু হয়।
মন কৰিবলগীয়া যে, ৩৫ বছৰীয়া সাংবাদিকজনে স্থানীয় বালি মাফিয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কলম চলাই গৈছিল। কেইদিনমান পূৰ্বে তেওঁ বালি মাফিয়াক সংগ দিয়া মহকুমা আৰক্ষী বিষয়া এজনৰ বিৰুদ্ধে ষ্ট্ৰীং অপাৰেচন চলাই তেওঁৰ কথোপকথন টেপ কৰিবলৈ সক্ষম হৈছিল।