নগাঁওঃ এটাৰ পিছত অপৰাধজনিত ঘটনা সংঘটিত হ’ব ধৰিছে নগাঁও জিলাত৷ যেন অপৰাধীৰ ৰম্যভূমিত হে পৰিণত হে নগাঁও জিলা৷ নগাঁৱৰ ধৰ্ষণ আৰু হত্যা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে পুনৰ জিলা খনত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড।
দাবী কৰা ধন নিদিয়াৰ বাবেই পুত্ৰই পিতৃক কাঠৰ বাটামেৰে আক্ৰমণ কৰি প্ৰথমে হত্যা কৰে তাৰ পিছত জ্বলাই দিয়ে পিতৃক। নগাঁৱৰ শেনচোৱাৰ ভাটিকুৰিত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। পংকজ দাস নামৰ বিবাহিত যুৱকজনে পিতৃ তথা অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল জয়কান্ত দাসৰ লগতে মাতৃকো কাঠৰ বাটামেৰে আক্ৰমণ কৰে।