গুৱাহাটীঃ গুৱাহাটীৰ মাজমজিয়াৰ এম পি জুৱেলাৰ্ছৰ চাঞ্চল্যকৰ ডকাইটিৰ সৈতে সম্প্ৰতি উচ্চাৰিত হৈছে বেংকৰ অনুৎপাদক সম্পত্তি (এন পি এ) উদ্ধাৰৰ প্ৰসংগ। যোৱা ৯ মে’ৰ ফুট গধূলিতে এটা চাৰিজনীয়া দলে প্ৰতিষ্ঠানখনত সংঘটিত কৰা ডকাইতি সংক্ৰান্তত আৰক্ষীয়ে মুঠ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিলেও ইয়াৰ ৰহস্য সম্পূৰ্ণৰূপে ফাদিল হোৱা নাই।
এনে সময়তে এন পি এ উদ্ধাৰৰ প্ৰসংগ উচ্চাৰিত হৈছে। আনকি বেংকে অনুৎপাদক সম্পত্তি উদ্ধাৰৰ বাবে অভিযান চলোৱাৰ আশংকা কৰি এটা বিশেষ চক্ৰই এই ডকাইতিৰ পৰিকল্পনা প্ৰস্তুত কৰা বুলি এক অসমৰ্থিত সূত্ৰই ইংগিত দিছে। লক্ষ্যণীয় যে প্ৰতিষ্ঠানখনৰ ফ্ৰেনচাইজী বিজেপি নেতা জিতু গোস্বামীৰ নামত আছে।