তেজপুৰ টাউনঃ মৰমৰ পুত্ৰই বিছনাত শুই বহি সময় অতিবাহিত কৰিছে৷ দিন হাজিৰা কৰি পৰিয়াল চলোৱা সন্তানটোৱে কেতিয়াবা মাতৃৰ কোলাত মূৰ থৈ চকুলো টুকিছে আকৌ কেতিয়াবা বিছনাৰ গাৰুত মূৰ থৈ কাৰোবাৰ মুখলৈ চাই ৰৈছে৷ কিশোৰ অৱস্থাৰ পৰাই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া যুৱকজনে যেন ক্ৰমান্বয়ে ভাগৰি পৰিছে৷ অসহায় এক যন্ত্ৰণাৰ সৈতে সময় পাৰ কৰিছে৷
অসহায় দৰিদ্ৰ পৰিয়ালটোৱে চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ নাম তেওৰ মৃনাল কুমাৰ ডেকা৷ ২২ বছৰীয়া মৃনাল কুমাৰ ডেকাৰ পিতৃয়ে দিন হাজিৰা কৰে৷ পিতৃয়ে দিন হাজিৰা কৰা টকাৰে পৰিয়াল পোহপাল দিবলৈ সামৰ্থ নোহোৱাত পুত্ৰই দিন হাজিৰা কৰিব লগা হয়৷ ২২ বছৰীয়া মৃনাল কুমাৰ ডেকা এতিয়া ৰোগত আক্ৰান্ত৷ চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰা অসহায় পিতৃ-মাতৃয়ে পুত্ৰৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হৈছে।