শিৱসাগাৰ/গুৱাহাটীঃ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত ৰাজ্যজুৰি পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি। বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ আদি দাবী পূৰণৰ দাবীত সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে প্ৰতিবাদ সাব্যস্ত কৰে৷
১ আৰু ২ ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী পালন কৰাৰ ফলত ৰাজ পথত জাৱৰৰ দম ঙৰি পৰে৷ বিভিন্ন পৌৰ সভাৰ কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ যেন কেতিয়াও সমস্যাৰ ওৰ নপৰাৰ লগতে প্ৰতিবাদ কৰি অহাৰ পিছতো চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷