হোজাইঃ হোজাই জিলাৰ লামডিঙত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন হৈ অহা ৰে’ল নগৰী লামডিংত এটাৰ পিছত এটা ঘটনা সংঘটিত হোৱাৰ সময়তে ৰাইজৰ সহযোগত আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ী চক্ৰক উৎসাত কৰে৷
জানিব পৰা মতে, লামডিং ৰেলৱে ষ্টেছনৰ বিশ্ৰাম কক্ষত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বাতৰি সংগ্ৰহ কৰিব যোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে সংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে কেমেৰা ভাঙি পেলোৱাৰ চেষ্টা কৰে৷ লামডিং অ’ফিচাৰ্চ ক’লনিৰ পি-২০০এ ৰেলৱে আৱাস গৃহত আৰক্ষীয়ে ৩জন যুৱকৰ সৈতে এগৰাকী অৰুণাচলৰ যুৱতীক আটক কৰিবলৈ সক্ষম হোৱাৰ সময়তে সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হয়৷