newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ‘কেপ্তেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ জীৱন ভিত্তিক ছবি ‘এমএছ ধোনী, দ্য’ আনটোল্ড ষ্টৰী’ ২০১৬ চনৰ পৰা এই পৰ্যন্ত এখন অন্যতম ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈ আহিছে৷ 

ছবিখনত মহেন্দ্ৰ সিং ধোনীৰ চৰিত্ৰত সুদক্ষ অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল সুশান্ত সিং ৰাজপুত৷ ছবিখনৰ বহুল জনপ্ৰিয়তাৰ পিছত ধোনীৰ অনুৰাগীসকলৰ বাবে আন এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে ছবিখনৰ নিৰ্মাতা তথা কলা-কুশলীসকলে৷ বলীউড ৰিপৰ্ট অনুসৰি ছবি খনৰ দ্বিতীয় চিকুৱেল নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে৷

বাতৰি মতে, ধোনীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনৰ দ্বিতীয় চিকুৱেলতো ধোনীৰ চৰিত্ৰত দেখা যাব সুশান্ত সিং ৰাজপুতক৷ বাতৰি মতে, ছবিখনৰ চিকুৱেলত ধোনীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপ জয় কৰাৰ পিছৰ কাহিনী দেখুওৱা হ’ব৷ 

ছবিখনৰ চিকুৱেলত ধোনীৰ ক্ৰিকেট কেৰিয়াৰৰ লগতে ব্যক্তিগত জীৱনৰ আভাসো দৰ্শকে লাভ কৰিব পাৰিব৷ মিড ডে’ নামৰ বলীউড সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, চিকুৱেলখনত ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংগছে বিজয় সাব্যস্ত কৰাৰ কাহিনীও দেখুওৱা হ’ব৷

ইফালে আশা কৰা মতে, অহা বছৰ নিৰ্মাতা ৰাণী স্ক্ৰুৱালাৰ আৰএছবিপি ফিল্মৰ বেনাৰত ছবিখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ ২০১৬ চনত নিৰ্মাণ হোৱা ‘এমএছ ধোনী, দ্য’ আনটোল্ড ষ্টৰী’ ছবিখনৰ পৰিচালক হিচাপে কাম কৰিছিল নীৰজ পাণ্ডেয়ে৷ 

ছবিখনে বলীউডৰ আটাইতকৈ বেছি উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ৫ খন ছবিৰ ভিতৰত স্থান লাভ কৰিছিল৷ ছবিখনত সুশান্তৰ লগতে কিআৰা আদৱানী, দিশা পাটানী, অনুপম খেৰে অভিনয় কৰিছিল৷