ডিজিটেল ডেস্কঃ দুৰ্বৃত্তই ফ্লেটৰ চৌহদত যৌন নিৰ্যাতন চলালে এগৰাকী মহিলাক৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত এজাহাৰ দাখিল কৰিব যোৱা মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে প্ৰমাণ হিচাপে বিছাৰে ভিডিঅ’ ক্লিপ৷ কেৱল ভিডিঅ’ ক্লিপে নহয় উলংগ হব’লৈও কলে আৰক্ষীয়ে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে মুম্বাইত৷
এগৰাকী বে-চৰকাৰি কাৰ্যালয়ত কৰ্মৰত মহিলাই কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে যৌন নিৰ্যাতন চলাই দুৰ্বৃত্তই৷ জানিব পৰা মতে, কাৰ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত মহিলাগৰাকীৰ পিছ লৈছিল এজন লোকে৷ মগিলাগৰাকীয়ে ফ্লেটৰ চৌহদত প্ৰবেশ কৰে যদিও অচিনাক্ত লোকজনেও চৌহদত প্ৰবেশ কৰে৷ মহিলাগাৰকীয়ে বেগৰ পৰা চাবি উলিয়াব খোজাৰ সময়তে দেহত স্পৰ্শ কৰে৷