বাৰপুজীয়াঃ আৰক্ষীৰ লাঠিৰ কোব তৰ্জন-গৰ্জন সদায় সহ্য কৰিব চলিব লগা হয় ৰিক্সা-অটো চালকে৷ গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত হাৰাশাস্তি ভোগ কৰিব লগা হয় ৰিক্সা-অটো চালকে৷ তাৰ মাজতে দেশত চলা ডিজিটেল বতাহে নতুনকৈ লৈ আহিল বেটাৰি চালিত ই-ৰিক্সা৷ বেটাৰি চালিত ই-ৰিক্সাই চহৰ-নগৰ, গাঁৱে-ভূঞে সোমাই কৰ পৰিশোধ কৰা ৰিক্সা-অটোচালকক একপ্ৰকাৰ বিপদত পেলায়৷
তাৰ মাজতে মৰিগাঁও জিলাৰ মৰিগাঁও চহৰৰ ৰিক্সা-অটো চালকে ৰাজ পথত নামি আইন অমান্য আন্দোলন কৰিব লগা হয়৷ অৰ্ধ শতাধিক ৰিক্সা-অটো চালকে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মৰিগাঁও চহৰত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ চহৰত যান-জঁট দুৰ্ঘটনা সৃষ্টীকাৰী অবৈধ ই-ৰিক্সা সমূহ চহৰৰ শেষৰ পৰা গাঁৱলৈ চলোৱাৰ দাবী জনায় ৰিক্সা-অটো চালকে৷