ডিজিটেল ডেস্কঃ মুন্নীক কেন্দ্ৰ কৰি বি টাউনত গল্প-গুজবৰ অন্ত নাই। সুঠাম দেহবল্লৰীৰ অধিকাৰী মুন্নীৰ নৃত্য সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

পেজ থ্ৰীৰ সাংবাদিকৰ বাবেও মুন্নীৰ খবৰ হৈছে হটকেক। পিছে গীতৰ কথাংশৰ ধৰণে মুন্নী কাহানীও হোৱা নাছিল বদনামী।

অতৰ্কিতে সময় সলনি হ'ল। খবৰ ওলাল যে তেওঁতকৈ বয়সত বহু সৰু যুৱকৰ সৈতে প্ৰেমত পৰিছে মুন্নী। বলীউডৰ ভাষাত এয়া এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ।

মুন্নীৰ প্ৰকৃত নাম মালাইকা আৰোৰা খা। আৰবাজ খানৰ একালৰ ভাৰ্যা বনী কাপুৰৰ পুত্ৰ অৰ্জুনৰ প্ৰেমত মতলীয়া হোৱা বুলি খবৰ ওলাল। পিছে মালাইকাই এই সমবাদ অস্বীকাৰ কৰিলে।

কিন্তু কিছুদিন পূৰ্বে স্বামীৰে তেওঁৰ বিচ্ছেদ ঘটিল। কাৰণ কোনেও নাজানে। মালাইকাৰ মতে এয়া হৈছে পাৰস্পৰিক বুজাবুজিৰ মাজেৰে হোৱা বিচ্ছেদ। পিছে খবৰ ৰাখোতাৰ মতে মালাইকাৰ অবৈধ প্ৰেমত ক্ষুণ্ণ আৰবাজ।