ছাদিকুজ জামান, মোৰাঝাৰঃ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৰ হোজাই জিলা সমিতিৰ উদ্যোগত আৰু দেৱস্থান আঞ্চলিক আমছু আৰু ইকৰা ফাউণ্ডেশ্যনৰ সহযোগত অজি মৌডঙা হাইস্কুল প্ৰাংগণত এই অঞ্চলৰপৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ Tae Kwan do খেল প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক কঢ়িয়াই অনা মমচাদুল আলমক সম্বৰ্ধনা জনোৱা হয়|

লগতে এখনি Tae kwon do fighting প্ৰদৰ্শনীমূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত খেল প্ৰদৰ্শন কৰে Nagao TAE KWON DO ASSOCIATIONৰ মাষ্টাৰ ক্ৰমে অংকুৰ বৰা, আব্দুল খালিক আৰু Associationৰ ছাত্ৰ-ছাত্ৰীসকলে।

অনুষ্ঠানত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী, ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকি খেল উপভোগ কৰাৰ লগতে বিশিষ্ট শিক্ষাবিদ জিয়াউৰ ৰহমান মজুমদাৰ, হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা, হোজাই জিলা আমছুৰ সভাপতি ফাহিম ইকবাল মজুমদাৰকে ধৰি বিশিষ্ট লোকসকল উপস্থিত থাকে|