ডিমাকুছিঃ এগৰাকী দস্যু পত্নীয়ে স্বামীক লাঠিৰে কোবাই কোবাই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিত৷ পত্নীৰ হাতত স্বামীৰ হাতত প্ৰাণ যোৱাৰ ঘটনাৰ পিছতেই লক্ষ্মী কৰুৱাক আটক কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে, ডিমাকুছিৰ ভোলাটাৰগাঁৱৰ দৰিদ্ৰ মোহন কৰুৱাই প্ৰায়ে মদ্যপান কৰি নিশা ঘৰলৈ আহে৷
ঘৰলৈ আহি পত্নী লক্ষ্মী কৰুৱাৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ অভিযোগ দীৰ্ঘদিনিয়া৷ দেওবাৰে নিশাও ঘৰলৈ আহি কাজিয়াত লিপ্ত হৈছিল স্বামী-স্ত্ৰী মোহন আৰু লক্ষ্মীয়ে৷ নিশা কাজিয়াৰ শাম কাটে যদিও সোমবাৰে পুৱাই সাধাৰণ কথাক লৈ পুনৰ কাজিয়াৰ সৃষ্টি হয় দুয়োৰে মাজত৷