'তুমি আসবে বলেই/দেশটা এখনো গুজৰাট হয়ে যায়নি...।’ পশ্চিমবংগৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীতকাৰ নচিকেতাৰ এই বিশেষ গীতটোক এতিয়াও প্ৰাসংগিক কৰি তুলি গুজৰাটত সংঘটিত হৈছে এক অভাৱনীয় ঘটনা। এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ। ছ’চিয়েল মিডিয়াত বহু নেটিজেনে দেশৰ বাকী প্ৰান্ততো এনে ঘটনা সংঘটিত হ’বলৈ ল’লে সেয়া দেশখনৰ বাবেই দুৰ্ভাগ্যজনক হৈ পৰিব বুলি মন্তব্য কৰা দেখা গৈছে।

'সংস্কাৰ নগৰীলৈ আপোনাক স্বাগতম।’ আহমেদাবাদৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ নিলগত অৱস্থিত বদোদৰা চহৰৰ সীমাত উপস্থিত হোৱাৰ সময়তে আপুনিও দেখা পাব এনে এখন আদৰণি ফলক। বিভিন্ন ধৰ্ম আৰু জাতিৰ লোকৰ অভিন্ন সম্পৰ্কৰে এক নিদৰ্শন গঢ়ি তোলা বদোদৰা চহৰক লৈ এক চৰ্চাই শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে। চহৰখনৰ হাৰাণী অঞ্চলৰ কলনী মটনাথ ৰেচিডেন্সিত এগৰাকী মুছলমান মহিলাই চৰকাৰী আবাস লাভ কৰাক লৈ একাংশই আৰম্ভ কৰিছে প্ৰতিবাদৰ সূত্ৰপাত।

মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ছ’চাইটিটোৰ ৬৪২টা ফ্লেটৰ ভিতৰত এটা ফ্লেট এগৰাকী মুছলমান মহিলাক আৱণ্টন দিয়া হৈছিল। ইয়াৰ পিছতে এই আৱণ্টনৰ বিৰোধিতাৰে কিছুদিন পূৰ্বে কলনীটোত প্ৰায় ৩২ জন বাসিন্দাই প্ৰতিবাদ সাব্যস্ত কৰে। বদোদৰা চহৰৰ এইখন ছ’চাইটিখনে এগৰাকী মুছলমান মহিলাক ফ্লেট আৱণ্টন বাতিল কৰাৰ বাবে প্ৰস্তাৱ দিয়া আবেদনক লৈ এতিয়া আৰম্ভ হৈছে তীব্ৰ চৰ্চা।

৫ জুনত কলনীটোৰ এই বাসিন্দাসকলে কম আয়ৰ লোকৰ বাবে চৰকাৰী আঁচনি (এল আই জি)ৰ অধীনত ২০১৮ চনত এগৰাকী মুছলমান মহিলাক আৱণ্টন দিয়া ঘৰটো বাতিল কৰি আন ঠাইত ঘৰ আৱণ্টন দিয়াৰ দাবীত আবেদন দাখিল কৰে। হিন্দু ধৰ্মাৱলম্বীৰ এই ছ’চাইটিখনত কিদৰে এগৰাকী মুছলমান মহিলাক ঘৰ আৱণ্টন দিয়া হ’ল, তাক লৈও অনেকে প্ৰশ্নৰ উত্থাপন কৰিছে।

চহৰখনৰ ভাৱমূর্তিৰ ওপৰত প্ৰভাৱ?

মটনাথ ছ’চাইটিৰ প্ৰৱেশদ্বাৰৰ ওচৰতে আছে ভগৱান শ্ৰীৰামৰ এখন সুবিশাল ছবি। কলনীটোৰ অধিকাংশ লোকৰ ঘৰৰ দুৱাৰমুখত একো একোখন গেৰুৱা ৰঙৰ পতাকাই তেওঁলোকৰ ধৰ্ম আৰু বিশ্বাসক প্ৰতিফলিত কৰা দেখিবলৈ পোৱা যায়। তেনে এটি কলনীত এগৰাকী মুছলমান মহিলাক ঘৰ আৱণ্টন দিয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছ’চাইটিৰ সভাপতি ভৱনভাই যোশীয়েও। তেওঁ কয় যে যদি সমগ্ৰ ছ’চাইটিখন হিন্দুৰ হয়, তেন্তে এগৰাকী মুছলমানক এটা ঘৰো কিয় আৱণ্টন দিয়া হ’ল, তাৰ তদন্ত কৰা উচিত।

এই সমগ্ৰ ঘটনাটো বদোদৰা পৌৰ নগমৰ ভুলৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ কৰে ভৱনভাই যোশীয়ে। কিন্তু এই বিষয়ত নিগমে স্পষ্ট কৰি দি কয় যে নীতিৰ ভিত্তিত মহিলাসকলক ঘৰ সঠিকভাৱে আৱণ্টন দিয়া হৈছে আৰু কোনো চৰকাৰী আঁচনিতে ধৰ্মৰ ভিত্তিত বৈষম্য হ’ব নোৱাৰে।

ইফালে এই সমগ্ৰ ঘটনাৰ কেন্দ্ৰবিন্দুত থকা মুছলমান মহিলাগৰাকীয়ে এই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিলেও নিজৰ অসুবিধাৰ সম্পৰ্কে কয়, ‘যোৱা ছয় বছৰ ধৰি অসুবিধাৰ সন্মুখীন হৈ আহিছো, নিজা ঘৰ থকাৰ পিছতো পিতৃৰ ঘৰত থাকিবলৈ বাধ্য হৈছো।’ 

আনহাতে বদোদৰাৰ হাৰাণী কলনীৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেইবাগৰাকীও সমাজকৰ্মীয়ে এই সমগ্ৰ বিষয়টোক ‘চহৰৰ ভাৱমূৰ্তিক অপমান’ আৰু ‘সামাজিক সংহতিৰ মনোভাৱৰ বিৰুদ্ধে’ বুলি অভিহিত কৰে।

ধৰ্মৰ ভিত্তিত কল'নী স্থাপন?

ছ’চাইটিখনৰ সভাপতি ভৱনভাই যোশীয়ে দাবী কৰে যে এগৰাকী মুছলমান মহিলাক ঘৰ আৱণ্টনৰ বিৰোধিতা কেৱল সমাজৰ ৩২ জন সদস্যৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ‘বেছিভাগ’ মানুহেই ইয়াৰ বিৰোধিতা কৰিছিল। ভিএমচিৰ বিষয়াৰ সৈতে জড়িত সমগ্ৰ বিষয়টোৰ তদন্ত আৰু গৃহ আৱণ্টন বাতিলৰ দাবীও জনাইছে ছ’চাইটিৰ সভাপতিগৰাকীয়ে।

এই ক্ষেত্ৰত প্ৰতিবাদকাৰী বাসিন্দাসকলে আপত্তি পত্ৰত লিখিছে, "হাৰাণী অঞ্চল হিন্দু জনসংখ্যাৰ এক শান্তিপূৰ্ণ অঞ্চল। ইয়াৰ চাৰিওফালৰ চাৰি কিলোমিটাৰলৈকে কোনো মুছলমান বাসিন্দা নাই। এনে ক্ষেত্ৰত, চৰকাৰৰ নিয়মবোৰ বিবেচনা নকৰাকৈ বা ভৱিষ্যতৰ বিষয়ে চিন্তা নকৰাকৈ আমাৰ বাসস্থানত এটা মুছলমান পৰিয়ালক এটা ঘৰ আৱণ্টন কৰা হৈছে।" আপত্তি পত্ৰত লগতে লিখা হৈছে, "ইয়াত ৪৬১টা ঘৰ হিন্দু পৰিয়ালক আৱণ্টন দিয়া হৈছে আৰু তাৰ মাজতে এটা ঘৰ মুছমানক দিয়া হৈছে। এই বিষয়ত যেন ডাঙৰ ভুল হৈছে।"

অন্যহাতে ছ’চাইটিৰ বাসিন্দাসকলে হাৰাণী অঞ্চলক ‘অশান্ত এলেকা’ত অন্তৰ্ভুক্ত বুলি যুক্তি দিও তেওঁলোকৰ দাবীৰ ন্যায্যতা প্ৰদান কৰিছে। কিন্তু ভিএমচিৰ কাৰ্যবাহী অভিযন্তা নীলেশ পৰমাৰে সমগ্ৰ ঘটনা আৰু কলনীবাসীৰ প্ৰতিবাদ সন্দৰ্ভত কয়, "এই কলনী আৱণ্টনৰ ড্ৰ' ২০১৭ চনত অনুষ্ঠিত হৈছিল আৰু ঘৰ আৱণ্টন ২০১৮ চনত কৰা হৈছিল। সেই সময়ত এই অঞ্চলটো বিক্ষিপ্ত আইনৰ অধীনত নাছিল, গতিকে ঘৰ আৱণ্টনত কোনো বাধা নাছিল।"

চৰকাৰী বাসস্থানৰ কোনো আৱণ্টন ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়। এই বিষয়ে ব্যাখ্যা কৰি নীলেশ পৰমাৰে কয়, "চৰকাৰৰ কোনো আঁচনি ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়। আৱণ্টন নিয়ম অনুসৰি কৰা হৈছে। অৱশ্যে এতিয়া এই অঞ্চলটো বিক্ষিপ্ত এলেকা আইনৰ অধীনত আছে, গতিকে এতিয়া আমি তাত আৱণ্টনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব।"

ভিএমচিৰ বিষয়াগৰাকীৰ যুক্তিৰ বিৰুদ্ধে যুক্তি দি ছ’চাইটিৰ সভাপতি যোশীয়ে কয়, "সেই সময়ত ইয়াত বিক্ষিপ্ত আইন আইন প্ৰযোজ্য নাছিল বুলি বিবেচনা কৰিলে আৱণ্টনৰ ন্যায্যতা প্ৰদান কৰাটো উপযুক্ত নহয়। তাৰ পিছত সেই অঞ্চলটো বিক্ষিপ্ত এলেকা আইনত অন্তৰ্ভুক্ত হ'বনে? এই কাম কৰাৰ কিবা কাৰণ আছিল নিশ্চয়?’’

মটনাথ ৰেচিডেন্সিৰ আন একাংশ বাসিন্দাইও মুছলমান মহিলাগৰাকীক আন ক’ৰবাত ঘৰ দিবলৈ দাবী জনাইছে। ছ’চাইটিখনৰ বাসিন্দা নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ব্যক্তিয়ে কয় যে এই ধৰণৰ উদাহৰণে অঞ্চলটোত ‘মুছলমানৰ সংখ্যা আৰু তেওঁলোকৰ হস্তক্ষেপ’ বৃদ্ধি কৰিব। আন এজন বাসিন্দাই কয়, “মুছলমান মহিলাৰ খাদ্যাভ্যাস বেলেগ। এই কাৰণে তেওঁলোকক ইয়াত ঘৰ দিয়া উচিত নহয়।”

'এইটো আমাৰেই ভগ্নীৰ ঘৰ, আমাৰ প্ৰতিবাদ কেৱল নিগমৰ বিৰুদ্ধেহে’

বদোদৰাৰ নৱনিৰ্বাচিত সাংসদ ড০ হেমাংগ যোশীয়ে ছ’চাইটিৰ পৰা লাভ কৰা আপত্তি আবেদনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুছলমান মহিলাসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় আৰু ছ’চাইটিৰ দাবীও মানি লোৱা হয় তাৰ সমাধান বিচাৰি উলিওৱা হ’ব বুলি মন্তব্য কৰে। তেওঁ কয়, "য'ত বিক্ষিপ্ত এলেকা আইন প্ৰযোজ্য, তাত তেনে নহয়। কিন্তু এই প্ৰক্ৰিয়াত ত্ৰুটি আছে। কিন্তু এতিয়া যি হ'ব, সেয়া এই কথা মনত ৰাখি কৰা হ’ব যাতে যিসকলক ঘৰ আৱণ্টন দিয়া হৈছে, তেওঁলোকৰ যাতে ঘৰ লাভৰ সপোন ভাগি নাযায় আৰু ছ’চাইটিৰ বাসিন্দাসকলৰ দাবীও যাতে পূৰণ হয়। যিয়েই নহওক কিয় সকলো সুখদায়ক হ’ব।’’

সমগ্ৰ ঘটনাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শোক প্ৰকাশ কৰিছে মুছলমান মহিলাগৰাকীৰ পিতৃয়ে। তেওঁ কয়, "এনে কাণ্ড দুখজনক। আমাৰ পৰিয়াল শিক্ষিত। আমি সমাজৰ সৈতে জীয়াই থাকিব বিচাৰো, কিন্তু দুখৰ বিষয় যে সমাজে এই কথা মানি নলয়।"

একে সময়তে ছ’চাইটিৰ সভাপতি ভৱনভাই যোশীয়েও কয় যে মুছলমান মহিলাগৰাকীয়ে আৱণ্টন লাভ কৰা তেওঁৰ ঘৰটোলৈ থাকিবলৈ আহিব পাৰে। তেওঁ কয়, "আমাৰ প্ৰতিবাদ নিগমৰ বিৰুদ্ধে। ঘৰটো আমাৰেই মুছলমান ভনীগৰাকীৰ। তাত তেওঁ থাকিবলৈ আহিব পাৰে। আমি তেওঁক কেতিয়াও বাধা দিয়া নাছিলো।"

অৱশ্যে তেওঁলোকে এইটোও কয় যে ২০১৮ চনৰ পৰা ঘৰটো পঞ্জীয়ন হৈ আছে যদিও মুছলমান মহিলাগৰাকী কেতিয়াও পৰিয়ালৰ সৈতে ইয়াত থাকিবলৈ অহা নাই। ভৱনভাইয়ে কয় যে মহিলাগৰাকীয়ে নিগমত ৫০ হাজাৰ টকাৰ কৰও দিছিল আৰু এই ঘৰটোও তেওঁৰ নামত পঞ্জীয়ন কৰা হৈছে।

বিক্ষিপ্ত এলেকা আইন কি?

২০১৮ চনত গুজৰাট উচ্চ ন্যায়ালয়ত বিক্ষিপ্ত এলেকা আইন আৰু সংখ্যালঘুৰ অধিকাৰক লৈ অভিযোগ দাখিল কৰা আহমেদাবাদৰ এজন অধিবক্তা ডেনিছ কুৰ্শীয়ে কয় যে ৰাজ্য চৰকাৰে যেতিয়া কাৰোবাক ঘৰ আৱণ্টন দিয়ে তেতিয়া কোনো ধৰণৰ ধৰ্মীয় বাধা থাকিব নালাগে। তথাপিও কোনোবাই যদি বিতৰ্ক কৰে তেন্তে সেয়া সংবিধানৰ উলংঘা।"

বদোদৰাৰ অধ্যাপক ভাৰত মেহতাই এই কাণ্ডক ‘বদোদৰাৰ ভাৱমূৰ্তিক সংস্কৃতিৱান চহৰ হিচাপে কলংকিত কৰা’ বুলি অভিহিত কৰে। সামাজিক বৈষম্য দূৰ কৰাৰ সমাধানৰ পৰামৰ্শ দি ভাৰত মেহতাই কয়, "মোৰ মতে সেই কলনীত এটা নহয় দহটা মুছলমান পৰিয়ালক ঘৰ আৱণ্টন দিয়া উচিত। কাৰণ এনে কৰিলেহে এখন ভাৰতৰ নিৰ্মাণ হ'ব আৰু এনে সৰু ভাৰতৰ সৃষ্টি হ’লেহে সমাজৰ পৰা মতভেদবোৰ নোহোৱা হ’ব।"

ছ’চাইটিখনৰ নিৱাসী নম্ৰতা পৰমাৰে কয় যে তেওঁৰ সন্তান এনে এখন ভিন্নৰঙী সমাজত ডাঙৰ হোৱাৰ বাবে তেওঁ সুখী। তেওঁ কয়, "আন্তঃধৰ্মীয় লোক অৰ্থাৎ হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টান সকলোৱে একেলগে থাকিলেহে সংস্কৃতি গঢ় লৈ উঠে। আমি পাঠ্যপুথিত ল’ৰা-ছোৱালীক এইটোৱেই শিকাওঁ। সত্যটো হ'ল পাঠ্যপুথিত যি লিখা আছে, সেয়াই আমি আমাৰ জীৱনত পালন কৰোঁ।’’

হাতীখানা বদোদৰাৰ এটা অঞ্চল য'ত মুছলমান জনসংখ্যাৰ অধিক। ইয়াত বাস কৰা ইছমাইল পেটেলেও এই কথা দোহাৰে। তেওঁ কয়, "আমাৰ অঞ্চলতো হিন্দুসকলে কিছুমান ঠাইত থাকে আৰু ব্যৱসায় কৰে। আমি ইজনে সিজনক অতি মৰমেৰে ব্যৱহাৰ কৰো। ইয়াত হিন্দু ব্যৱসায়ীও আছে যাৰ দোকানৰ মালিক মুছলমান। আমি সকলোৱে একেলগে বাস কৰো আৰু ইজনে আনজনক সন্মান কৰো। আনৰ ধৰ্মৰ প্ৰতি সন্মান, এইটোৱেই এখন দেশ গঢ়ি তোলে।"

মটনাথ ৰেচিডেন্সি ছ’চাইটিৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, "মুছলমান মহিলাগৰাকীয়ে হিন্দু কলনীত ঘৰ বিচাৰি পাইছে। ছ’চাইটিয়ে এই কথা বুজিব লাগে আৰু মানি ল'ব লাগে। মানুহে ইজনে সিজনক মুকলিকৈ আদৰি লোৱা উচিত। মুছলমান সমাজেও এই ধৰণৰ কথা মানি লোৱা উচিত আৰু সকলোৱে নিজৰ নিজৰ ধৰ্মীয় অহংকাৰ এৰাই চলা উচিত।’’

চেনেহ আৰু বৈষম্য...

মটনাথ ৰেচিডেন্সিক লৈ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে বিক্ষিপ্ত এলেকা আইন। এই আইনখন ৰাজ্যত কাৰ্যকৰী হোৱাৰ পিছৰে পৰা অহৰহ বিতৰ্ক আৰু চৰ্চা চলি আহিছে। এই আইনৰ বাবেই মুছলমানক লক্ষ্য কৰি প্ৰান্তীয়কৰণৰ অভিযোগ উত্থাপন হৈছে। অধিবক্তা ডেনিছ কুৰেশ্বীয়ে ইয়াক ‘ষড়যন্ত্ৰ’ বুলি অভিহিত কৰে। আনহাতে ভাৰত মেহতাৰ মতে, ‘মুছলমানক এটা বিশেষ অঞ্চলত বাস কৰিবলৈ বাধ্য কৰাৰ উপৰিও এই আইনখনে সামাজিক বৈষম্য বৃদ্ধি কৰিছে।’

এইটোও দেখা গৈছে যে এই আইনখনৰ বাবেই মুছলমানসকলৰ বাবে সম্পত্তি ক্ৰয়-বিক্ৰয় কৰাটো কঠিন হৈ পৰিছে। বদোদৰাত বাস কৰা অমৰ ৰাণাই এই নিয়মৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল। মহানগৰীৰ ফাতেহগঞ্জ অঞ্চলত বাস কৰা অমৰ ৰাণাই কয়, "মোৰ নামৰ বাবেই মানুহে মোক অমুছলমান বুলি গণ্য কৰে। এটা অট্টালিকা চোৱাৰ সময়তো একেধৰণৰ কিবা এটা হৈছিল। ঘৰটো মোৰ ভাল লাগিছিল। দালালে মোক হিন্দু বুলি কৈ ঘৰটো দেখুৱাই আছিল। যেতিয়া মই তেওঁক সুধিলোঁ যে ইয়াত বিক্ষিপ্ত এলেকাৰ আইন প্ৰযোজ্য, আপুনি মোৰ পৰিচয় মুছলমান হিচাপে অট্টালিকাৰ নথি-পত্ৰ বনাবনে, তেতিয়া তেওঁ স্পষ্টভাৱে নাকচ কৰি দিয়ে।’’

কিন্তু এফালে মহানগৰীত মটনাথ ৰেচিডেন্সিৰ দৰে ছ’চাইটি আছে, আনফালে বদোদৰাৰ গোৰৱা অঞ্চলত স্বামী বিবেকানন্দ হেইটছৰ দৰে সম্পত্তি আছে, যিয়ে সৰ্বধৰ্মীয় সমতাৰ নিদৰ্শন দাঙি ধৰিছে। এই কল'নী চৰকাৰী গৃহ নিৰ্মাণ আঁচনিৰ অধীনত অস্তিত্বলৈ আহিছিল। য’ত আছে ১৫৬০টা ফ্লেট। হিন্দুৰ লগতে মুছলমান আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকো ইয়াত যথেষ্ট পৰিমাণে বসবাস কৰে।

১৯৮৬ চনত গুজৰাটত উত্থাপন কৰা হৈছিল বিক্ষিপ্ত এলেকা আইন বিধেয়ক। ১৯৯১ চনত ইয়াক আইনত পৰিণত কৰা হয়। বিক্ষিপ্ত এলেকা আইন অনুসৰি বিঘ্নিত বুলি ঘোষণা কৰা অঞ্চলত সম্পত্তি বিক্ৰী কৰাৰ পূৰ্বে সংগ্ৰাহকৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক। এই আইনৰ অধীনত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নতুন অধিসূচনা জাৰি কৰা হয় আৰু প্ৰয়োজন অনুসৰি ইয়াত নতুন এলেকা সংযোজন কৰা হয়।

এই আইনখনৰ বিষয়ে কওঁতে অধিবক্তা শমশাদ পাঠানে কয় যে ১৯৮৬-৮৭ চনত আহমেদাবাদত সংঘটিত হোৱা হিংসাৰ পিছত কাৰ্যকৰী হোৱা এই আইনখন কাৰ্যকৰী কৰাৰ উদ্দেশ্য আছিল হিন্দুসকলে অঞ্চলটো এৰি যোৱাত বাধা দিয়া। তেওঁ কয়, “ছেল ডীডৰ পৰীক্ষণ আৰু আৰক্ষীৰ মতামতৰ ভিত্তিত সংগ্ৰাহকে অনুমোদন দিয়ে, যাতে কোনো সম্পত্তি হঠাতে কিনা নহয়।”

এই আইনৰ অধীনত সংগ্ৰাহকৰ সম্পত্তি জব্দ কৰাৰ অধিকাৰো আছে। এই আইন বিঘ্নিত বুলি ঘোষণা কৰা অঞ্চলৰ চাৰিওফালে ৫০০ মিটাৰ পৰ্যন্ত প্ৰযোজ্য হয়।

উল্লেখ্য যে, ২০১৯ চনত গুজৰাট চৰকাৰে আইনখন সলনি কৰি আইন উলংঘাৰ বাবে তিনিৰ পৰা পাঁচ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিছিল। ২০২০ চনত বিক্ষিপ্ত এলেকা আইন সন্দৰ্ভত আলোচনা কৰি থাকোঁতে তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কৈছিল, "হিন্দু এজনে মুছলমানক সম্পত্তি বিক্ৰী কৰাটো উচিত নহয়। এজন মুছলমানে হিন্দুক সম্পত্তি বিক্ৰী কৰাটোও উচিত নহয়। আমি এই আইনখন সেই অঞ্চলবোৰত ৰূপায়ণ কৰিছো য'ত হিংসাকাণ্ড সংঘটিত হৈছে। যাতে তেওঁলোকক (মুছলমানসকলক) দেখুৱাব পাৰি যে তেওঁলোকে তেওঁলোকৰ নিজৰ এলেকাত সম্পত্তি ক্ৰয় কৰিব লাগে।"