কোকৰাঝাৰঃ ৰাজ্যপাল শাসনক লৈ বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীকে ধৰি বিপিএফৰ প্ৰায় প্ৰতিগৰাকী নেতাই তীব্ৰ বিষেদগাৰ কৰি অহাৰ সময়তে  আজি বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিচিৰ নৱনিযুক্ত প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰে। ইয়াৰ পিছতে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জিলা উপায়ুক্তৰ সৈতে ক'ভিড ১৯ আৰু নিৰ্বাচন সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে।

জিলা উপায়ুক্তৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদমাধ্যমৰ আগত বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তনক সমৰ্থন কৰি অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'লে সকলোৰে বাবে মংগলজনক হ'ব বুলি মন্তব্য কৰে। ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ বিৰোধিতা কৰি বিপিএফৰ জ্যেষ্ঠ নেতাসকলে অসাংবিধানিক শব্দ, মন্তব্য প্ৰয়োগ কৰাটো মুঠেও সমীচীন হোৱা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে বিপিএফৰ দুৰ্নীতিৰ বিষয়টোও অৱতাৰণা কৰে।

লকডাউনৰ সময়ত সাহায্য সামগ্ৰী আৰু কৃষকৰ এহেজাৰ টকা অকল বিপিএফৰ সদস্যসকলে হে লাভ কৰাৰ অভিযোগ উত্থাপন কৰি সাংসদ নৱ কুমাৰ শৰণীয়াই বিপিএফৰ একাংশ নেতাই এতিয়া তেওঁলোকক তথ্যৰ যোগান ধৰি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে। লংকা যেনেকৈ বিভীষণৰ বাবে ছাৰখাৰ হৈছিল ঠিক তেনেদৰে দুৰ্নীতি-অনিয়ম সংঘটিত কৰা বিপিএফৰো তেনে অৱস্থা হ'ব বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰি নৱ কুমাৰ শৰণীয়াই ৰাজ্যপাল শাসনৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয়সমুহো সক্ৰিয় হৈছে বুলি সদৰী কৰে।

তদুপৰি ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদন কাইলৈ হেস্ত-নেস্ত নহয় বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে ন্যায়ালয়ে সঠিকভাৱেই ৰায়দান কৰিব। বিপদৰ সময়ত সকলোৱে চৰকাৰী সাহায্য সামগ্ৰী তথা অনুদান পাব লাগে আৰু এইক্ষেত্ৰত ভিচিডিচিসমূহে খেলিমেলি কৰিছে বুলি অভিযোগেৰে ভিচিডিচিসমূহ ভংগ হৈছে বুলি মন্তব্য কৰি যোগানৰ নামত বহু দূৰ্নীতি সংঘটিত হোৱাৰো দাবী উত্থাপন কৰিছে সাংসদ শৰণীয়াই।