বৰনৰ্দ্দীঃ দক্ষিণ নলবাৰী অঞ্চলৰ বাঁহজানীৰ ঐতিহ্যমণ্ডিত অগ্নিশালাৰ শ্ৰীশ্ৰী কলীয়া সত্ৰত অতি পুৰণি তথা আহোম ৰাজত্বৰ দিনৰে পৰা পালন কৰি অহা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱখন অহা ২০ মাৰ্চৰপৰা ২৩ মাৰ্চলৈ বিভিন্ন কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক আয়োজন চলিছে।
উৎসৱটি পৰিচালনা কৰাৰ বাবে অমৰেন্দ্ৰ গোস্বামীক সভাপতি হৰেন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি আৰু লংকেশ্বৰ ৰাজবংশীক সম্পাদক হিচাপে লৈ উদযাপন সমিতিখন গঠন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭ বজাত প্ৰভাত ফেৰী, ৮ বজাত পৰিৱেশ নিকাকৰণ আৰু সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, ৬-৩০ বজাত পূজা আৰম্ভ। ৭ বজাত দৌল মহোৎসৱ উদ্বোধনিও বহুৎসৱ আৰু আতচবাজী প্ৰদৰ্শন কৰা হ’ব। নিশা ৮ বজাত নৃত্যৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব।