জয়ন্ত মুদৈ, নগাঁওঃ প্ৰতি বছৰে ২৪ জুনৰ দিনটো আহিলেই নগাঁও জিলাবাসীৰ মনত ভাহি উঠে এটি কলংকময় কৰুণ ইতিহাসৰ কথা৷ কোনে পাহৰিব সেনা বাহিনীয়ে সেইদিনটোত সংঘটিত কৰা দানৱীয় ঘটনাৰ কথা৷ কোৱা বাহুল্য মাথোন, মানৱ সভ্যতাক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি সেনা বাহিনীয়ে পাশৱিক অত্যাচাৰ চলাই পাঁচ জনকৈ সুন্দৰ-সুঠাম নগঞা যুৱকক হত্যা কৰাতে ক্ষান্ত নাথাকি অমানৱীয়ভাৱে মৃতদেহকেইটা ওপৰা-উপৰিকৈ জাপি টায়াৰ আৰু কেৰাচিন ঢালি জ্বলাই দি সুচনা কৰিছিল এক ক’লা ইতিহাস৷ 

নগাঁওবাসীৰ লগতে সমগ্ৰ অসমৰ প্ৰতিজন অসমীয়াক সেনাই উপহাৰ দিছিল এটা তেজে ধোঁৱা দিন৷ আজিৰপৰা ২৫ বছৰ পূৰ্বে ১৯৯৪ চনৰ ২৪ জুনৰ দিনটোতে আলফা দমনৰ নামত সেনা বাহিনীয়ে নগাঁৱৰ পাঁচজনকৈ যুৱকক চৰম বৰ্বতাৰে হত্যা কৰাৰ উপৰি অমানৱীয়ভাৱে মৃতদেহকেইটা জ্বলাই দিছিল৷ 

ঘটনাৰ পটভূমি নগাঁও জিলাৰ দক্ষিণ-পশ্চিমত অৱস্থিত কাৰ্বি আংলং জিলাৰ চিতলমাৰে নামৰ এখন অতি ভিতৰুৱা গাঁও৷ আলফাৰ সশস্ত্ৰ বাহিনীৰ প্ৰশিক্ষণৰ বাবে যোৱা ৭ জনীয়া নগঞা যুৱকৰ দলটোয়ে ঘটনা সংঘটিত হোৱাৰ দিনা অৰ্থাৎ ২৪ জুনৰ দিনা চিতলমাৰী নিৱাসী ৰাম বাহাদুৰ নামৰ ব্যক্তিজনৰ ঘৰত নিশাটোৰ কাৰণে আশ্ৰয় গ্ৰহন কৰাৰ বিষয়ে গোপন সূত্ৰে জানিব পাৰি আলফাৰ আত্মসমৰ্পণকাৰী গোট এটাৰ সৈতে যোৱা সেনাবাহিনীৰ এটা দলে আটাইকেইজন বিপ্লৱী যুৱককে নিদ্ৰাৰত অৱস্থাত আটক কৰে৷

তাৰ পিছত গৃহস্থ বাহাদুৰৰ চোতালতে ছালফা আৰু সেনাৰ জোৱানে যুৱককেইজনক পেলাই লৈ বুট জোটাৰে গচকি বন্দুকৰ কুণ্ডা, কাঠৰ কুণ্ডা, লাঠী আদিৰে কোবাই কোবাই আধামৰা কৰে৷ এনেদৰে পাশৱিক অত্যাচাৰ চলোৱাৰ পিছত সেনাই যুৱককেইজনক মুমূৰ্ষ অৱস্থাত চোতালৰপৰা চোঁচৰাই আনি গাড়ীত উঠাই বাহাদুৰৰ ঘৰৰপৰা কিছু নিলগৰ নিৰ্জন ঠাইলৈ নি ভুৱা সংঘৰ্ষৰ ৰহন সানি নিৰ্মমভাৱে হত্যা কৰে৷ 

উল্লেখ্য যে, সাতজনীয়া যুৱকৰ দলটোৰ চকলাঘাটৰ হিৰণ্য বৰুৱা, ৰাইদঙীয়াৰ বিশ্বজিৎ বৰা, হাতীচোঙৰ হেমেন্দ্ৰ নাথ, দলংঘাটৰ ৰাজীৱ বসুমতাৰী আৰু ৰহাৰ পুতুল মেধীক হত্যা কৰাৰ বিপৰীতে কাছমাৰীৰ সুৱৰ্ণ কোঁৱৰ আৰু শেতালীৰ প্ৰদীপ বৰুৱা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাৰ পিছত আজিৰ তাৰিখলৈকে সন্ধান নোলাল৷ 

উক্ত যুৱকদ্বয়ৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বহুবাৰ সেনা বাহিনীৰে যোগাযোগ কৰে যদিও সেনাই আশ্চৰ্যজনকভাৱে অজ্ঞতাহে প্ৰকাশ কৰে৷ যিহেতু সেনাই সাতোজন যুৱককে আটক কৰি আনিছিল সেয়ে সাতোজনকে শীতল মস্তিষ্কৰে হত্যা কৰি পিছত ভুৱা সংঘৰ্ষৰ ৰূপটো বিশ্বাসযোগ্য কৰিবৰ বাবে তথা অধিক জনৰোষত পৰাৰ আশংকাতে সু-পৰিকল্পিতভাৱে যুৱকদ্বয়ক সেনাই কৌশলেৰে সন্ধানহীন হোৱা বুলি প্ৰচাৰ চলায় বুলি ভবাৰ যথেষ্ট থল আছে৷ 

ইফালে, সেনাই সেইদিনাই ঘৰৰ চোতালতে মৰিয়াই মৰিয়াই নিদাৰুণভাৱে হত্যা কৰিছিল আশ্ৰয়দাতা নিৰপৰাধী ব্যক্তি ৰাম বাহাদুৰক৷ সেয়াই আছিল আৰম্ভনি৷ পাঁচজন যুৱকৰ হত্যাযজ্ঞৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ পিছত দুবছৰৰ ব্যৱধানত ১৯৯৬ চনৰ ২৪ জুন আৰু ২০০০ চনৰ ২৪ জুনতেই চাৰিজনকৈ মুঠ আঠজন আন নগঞা যুৱকক সেনাই হত্যা কৰিছিল৷ যাৰ পৰিণতিত সৰ্বত্ৰ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ধিক্কাৰৰ ধ্বনি উঠিছিল৷ ৰাইজ ৰাজপথলৈ ওলাই আহি গঢ়ি তুলিছিল তীব্ৰ প্ৰতিবাদ৷ গতিকে প্ৰতিবছৰে ২৪ জুনৰ দিনটো আহিলেই প্ৰত্যেকেই স্মৰণ কৰে পূৰ্বৰ ঘৃণনীয় কৰুণ অধ্যায়৷