জয়ন্ত মুদৈ, নগাঁওঃ প্ৰতি বছৰে ২৪ জুনৰ দিনটো আহিলেই নগাঁও জিলাবাসীৰ মনত ভাহি উঠে এটি কলংকময় কৰুণ ইতিহাসৰ কথা৷ কোনে পাহৰিব সেনা বাহিনীয়ে সেইদিনটোত সংঘটিত কৰা দানৱীয় ঘটনাৰ কথা৷ কোৱা বাহুল্য মাথোন, মানৱ সভ্যতাক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি সেনা বাহিনীয়ে পাশৱিক অত্যাচাৰ চলাই পাঁচ জনকৈ সুন্দৰ-সুঠাম নগঞা যুৱকক হত্যা কৰাতে ক্ষান্ত নাথাকি অমানৱীয়ভাৱে মৃতদেহকেইটা ওপৰা-উপৰিকৈ জাপি টায়াৰ আৰু কেৰাচিন ঢালি জ্বলাই দি সুচনা কৰিছিল এক ক’লা ইতিহাস৷
নগাঁওবাসীৰ লগতে সমগ্ৰ অসমৰ প্ৰতিজন অসমীয়াক সেনাই উপহাৰ দিছিল এটা তেজে ধোঁৱা দিন৷ আজিৰপৰা ২৫ বছৰ পূৰ্বে ১৯৯৪ চনৰ ২৪ জুনৰ দিনটোতে আলফা দমনৰ নামত সেনা বাহিনীয়ে নগাঁৱৰ পাঁচজনকৈ যুৱকক চৰম বৰ্বতাৰে হত্যা কৰাৰ উপৰি অমানৱীয়ভাৱে মৃতদেহকেইটা জ্বলাই দিছিল৷